The Indian Express
The Indian Express

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ স্পেচিয়েল টাস্ক ফৰ্চে (STF) ১১গৰাকী অসমৰ নেতাক আটক কৰা বুলি জানিব পৰা গৈছে৷ বৃহস্পতিবাৰে কলকাতাৰ বাংগাৰত অনুষ্ঠিত হ’বলগীয়া কৃষকৰ জনসভাত অংশ গ্ৰহণ কৰিবলৈ যোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ১১ গৰাকী সদস্যক আটক কৰা বুলি এটি বেশষ সুত্ৰই newsnextone.comক জানিবলৈ দিয়ে৷

সুত্ৰটোৱে বুধবাৰে নিশা এটি ঘৰৰ পৰা আটক কৰা বুলি জানিবলৈ দিয়ে কৃষক মুক্তিৰ নেতা কেইজনক৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনি কেন্দ্ৰীয় সদস্য বেদান্ত লস্কৰ, চাহজাহান আৰু মুকুট ডেকা সহ ১১গৰাকী গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ এই খবৰ কিমান দূৰ সত্য জানিবলৈ কিছু সময় লাগিব৷ আনহাতে কৃষত মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰে এই সন্দৰ্ভত অৱগত নহয় বুলি কয়৷