newsnextone.com | ডিজিটেল ডেস্কঃ এইবাৰ ৰণক্ষেত্ৰত পৰিণত হ’ল মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদ৷ দুটা সম্প্ৰদায়ৰ সংঘৰ্ষই কঁপাইছে মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদক৷ ঔৰাংগাবাদৰ গান্ধীনগৰ এলেকাত আৰম্ভ হোৱা সংঘৰ্ষই মুহূৰ্ততে প্ৰায় তিনি কিঃ মিঃ নিলগৰ চেলিপুৰা অঞ্চল পায়গৈ৷ ইতিমধ্যে হিংসাত ২ জন লোকৰ মৃত্যু হয় আৰু প্ৰায় ৪০গৰাকী লোক আহত হৈছে৷ 

আহত লোকৰ মাজত আৰক্ষীৰ লোকোও আছে৷ ১০গৰাকী আৰক্ষীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে আৰু নিৰাপত্তাৰক্ষী নিয়োগ কৰে৷ আনহাতে প্ৰশাসনে সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ বাৰে বাৰে আবেদন কৰি আহিছে৷ 

জানিব পৰা মতে, গান্ধীনগৰ এলেকাত দুজন যুৱকে কোনো কথাক লৈ প্ৰথমে তৰ্কত লিপ্ত হয়৷ তৰ্কই কাজিয়াত পৰিণত হৈ আৰু পিছত এই খবৰ ৰাষ্ট্ৰ হোৱাত একাংশ লোকে সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ দিয়ে৷ মুহূৰ্তত মোটাকাৰাঞ্জা, ৰাজা বজাৰ, শ্বাহগঞ্জ, চেলিপুৰা, আংগুৰিবাগত দুয়ো সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ প্ৰথমে শিলগুটিৰে নিক্ষেপ কৰে যদিও পিছলৈ বাহনত আৰু গৃহত অগ্নিসংযোগ কৰে৷ প্ৰশাসনে বৰ্তমান দোকান-পোহাৰ বন্ধ ৰাখে৷  

আৰক্ষীয়ে লাঠিচালনা আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ সান্ধ্য আইন জাৰি ইণ্টাৰনেট সেৱা বন্ধ কৰে৷ আৰক্ষীৰ উচ্চপদস্থ বিষয়াই খোদ ঘটনাস্থলিত উপস্থিত থাকি পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে৷