গুৱাহাটীঃ যিকোনো মুহূৰ্ততে মহানগৰীত সংঘটিত হ'ব পাৰে কূটাঘাট। আলফা স্বাধীনে কূটাঘাট সংঘটিত কৰিবলৈ চলোৱা পৰিকল্পনাৰ বিষয়ে উমান পোৱা মাত্ৰকে যোৱা শুকুৰবাৰে সমগ্ৰ মহানগৰীতে হাই এলাৰ্ট জাৰি কৰিছে আৰক্ষী আয়ুক্ত হীৰেণ নাথে। আৰক্ষীৰ এই হাই এলাৰ্টে মহানগৰবাসীক শংকিত কৰি ৰখাৰ সময়তে 'নিউজ নেক্সট ৱান'ৰ হাতত আহি পৰিছে আন এক চাঞ্চল্যকৰ তথ্য।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুযায়ী প্ৰায় দুসপ্তাহ পূৰ্বে আৰক্ষীৰ চকুত ধূলি দি মহানগৰীত প্ৰৱেশ কৰিবলৈ সমৰ্থ হৈছে আলফা স্বাধীনৰ ২২ জনকৈ কেডাৰ। গাৰো উগ্ৰপন্থী সংগঠন জি এন এল এৰ সহযোগত চুবুৰীয়া মেঘালয়ৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰা আলফা স্বাধীনৰ এই দলটোৱে ইতিমধ্যে গ্ৰাউণ্ড ৰিপৰ্ট আৰম্ভ কৰিছে।

হাই এলাৰ্টৰ কটকটীয়া  নিৰাপত্তাৰ মাজতে কূটাঘাট সংঘটিত কৰাৰ উদ্দেশ্যৰে ডাউকী হৈ লাটুমবাইৰ পৰা অসমত প্ৰৱেশ কৰিছে ২২ জনীয়া উগ্ৰপন্থী দলটোৱে। এই ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে দুৰ্ধৰ্ষ সদস্য কেইজনে কেবাটাও সৰু সৰু দলত ভাগ হৈ লৈছিল বুলি অনুমান কৰা হৈছে।

আৰক্ষীৰ হাতত ধৰা নপৰিবলৈ কেডাৰকেইজনে লাটুমবাইৰ পৰা অসম অভিমুখী কয়লা আৰু কাঠ কঢ়িওৱা ট্ৰাকত শ্ৰমিকৰ বেশত আহিছিল বুলি জানিব পৰা গৈছে। সূত্ৰটোৰ মতে কেডাৰকেইজনে অসমত প্ৰৱেশ কৰাৰ দিনা নিশাৰ ভাগত যোৰাবাটত আৰক্ষীৰ পহৰাৰো সন্মুখীন হৈছিল।

সাধাৰণতে মেঘালয়ৰ পৰা কয়লা আৰু কাঠ কঢ়িয়াই অনা ট্ৰাকত গাৰো শ্ৰমিক থাকে যদিও উক্ত দিনা কেবাখনো ট্ৰাকত অসমীয়া শ্ৰমিক দেখিবলৈ পাই সেই সময়ত কৰ্তব্যৰত অসম আৰক্ষীৰ কেবাজনো জোৱানৰ মনত সন্দেহ ওপজিছিল। কিন্তু পূৰ্ব পৰিকল্পিতভাৱে প্ৰয়োজনীয় নথি-পত্ৰ নথকা ট্ৰাকত অহাত সেই সময়ত তাত কৰ্তব্যৰত আৰক্ষীৰ জোৱানকেইজনৰ মন নিমিষতে অন্য দিশেহে ঢাল খায়।

ট্ৰাক কেইখনৰ প্ৰয়োজনীয় নথি-পত্ৰ নথকা কথাটো জানিব পাৰি গাৰো শ্ৰমিকৰ পৰিৱৰ্তে যে অসমীয়া শ্ৰমিক আহিছে সেই বিষয়ে অনুসন্ধান কৰাৰ কোনো প্ৰয়োজনীয়তা  অনুভৱ নকৰিলে কৰ্তব্যৰত আৰক্ষীৰ দলটোৱে। বিপৰীতে নথি-পত্ৰ নথকাৰ সুযোগ লৈ ট্ৰাককেইখনৰ চালক-হেণ্ডিমেনৰ পৰা ধন আদায় লৈ শ্ৰমিক-হেণ্ডিমেনৰূপী আলফাৰ কেডাৰকেইজনক অনায়সে মহানগৰীত প্ৰৱেশৰ বাট মুকলি কৰি দিয়ে।

এনেদৰে অতি সহজে আৰক্ষীৰ চকুত ধূলি দি অসমত প্ৰৱেশ কৰিবলৈ সমৰ্থ হোৱা দুৰ্ধৰ্ষ আলফাৰ কেডাৰকেইজনে কেবাটাও সৰু সৰু দলত ভাগ গৈ বৰ্তমান মহানগৰীৰ কোনো পাহাৰীয়া ঠাইত বাহৰ পাতি থকাৰ সন্দেহ কৰা হৈছে। সম্প্ৰতি গ্ৰাউণ্ড ৰিপ'ৰ্ট যুগুতোৱাত ব্যস্ত থকা দুৰ্ধৰ্ষ কেডাৰকেইজনে মহানগৰীত কূটাঘাট সংঘটিত কৰাৰ লগতে নামনি অসমৰ বিভিন্ন স্থানলৈ গৈ সাংগঠনিক ভেটি মজবুত কৰিবলৈ প্ৰয়াস অব্যাহত ৰখাৰো খবৰ পোৱা গৈছে।

আন এক সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুযায়ী শেহতীয়াকৈ তীব্ৰ আৰ্থিক সংকটত ভোগা সংগঠনটোৱে গাৰো উগ্ৰপন্থী সংগঠন জি এন এল এৰ সহযোগত অসমত প্ৰৱেশ কৰি ধন সংগ্ৰহৰো পৰিকল্পনা কৰিছে।

কয়লা শ্ৰমিক আৰু কাঠ শ্ৰমিকৰ বেশত অবৈধ ধনৰ প্ৰতি থকা অসম আৰক্ষীৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এনেদৰে অনায়াসে মহানগৰীত প্ৰৱেশ কৰিবলৈ সমৰ্থ হোৱা দুৰ্ধৰ্ষ আলফা স্বাধীনৰ দলটোৱে সংঘটিত কৰিব পৰা যিকোনো ধৰণৰ কূটাঘাটমূলক কাৰ্য-কলাপক এতিয়া হাই এলাৰ্টে ৰোধ কৰিবলৈ সমৰ্থ হ'বনে নাই সেয়া সময়েহে ক'ব।

উল্লেখ্য যে শুকুৰবাৰে আৰক্ষী আয়ুক্তই হাই এলাৰ্ট জাৰি কৰাৰ লগে লগে মহানগৰীৰ বিভিন্ন স্থানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখা গৈছিল। কিন্তু ইয়াৰ এদিন পিছতে পুনৰ মহানগৰীৰ প্ৰায়বোৰ ঠাইতে শিথিল হৈ পৰে নিৰাপত্তা ব্যৱস্থা। আৰক্ষীৰ এনে সোপাঢিলা ব্যৱস্থাই এতিয়া বাৰুকৈয়ে চিন্তাত পেলাইছে ৩০ অক্টোবৰৰ ভয়াৱহ দুঃস্বপ্ন কঢ়িয়াই ফুৰা ব্যস্ত মহানগৰীৰ প্ৰতিজন লোককে।