লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং লালপানী মিচিং গাঁৱৰ নিবাসী তিলেশ্বৰ টাইডৰ একমাত্ৰ পুত্ৰ হৰকান্ত টাইড।
যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে হৰকান্ত টাইড (১৪) বছৰীয়া ছাত্ৰজন বিয়লি প্ৰায় ৫ মান বজাত টিউচনৰপৰা ঘৰলৈ আহি পুনৰ ঘৰৰপৰা ওলাই যোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে।
হৰকান্ত টাইড লালপানী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালৰ হৰকান্তৰ পিতৃ তিলেশ্বৰ টাইডে স্থানীয় বগীনদী আৰক্ষী থানাত নিৰুৰ্দ্দেশ এজাহাৰ দিয়ে যদিও আজি পৰ্যন্ত আৰক্ষী ফালৰপৰা কোনো ধৰণৰ সঁহাৰি নাপালে।
দিন হাজিৰা কৰা পিতৃয়ে বহু বিচাৰ-খোচাৰ কৰাত অৰুণাচলৰ জিৰৌ-হাফলিত পুত্ৰ (হৰকান্ত)ৰ সন্ধান পাই যদিও অৰুণাচলী হাতৰপৰা উদ্ধাৰ কৰিব নোৱাৰাত বগীনদী আৰক্ষীক অৱগত কৰে যদিও আজি ৩ মাহে বগীনদী আৰক্ষীয়ে ছাত্ৰজনক উদ্ধাৰ কৰি অনাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷
শেষত সংবাদ মাধ্যমৰ জৰিয়তে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক জনাই যাতে ছাত্ৰজনক অৰুণাচলৰ জিৰৌ-হাফলিৰপৰা উদ্ধাৰ কৰি আনি দিয়ে৷