দলংঘাটঃ দৰং জিলাৰ পিছপৰা কৃষি প্ৰধান অঞ্চল দেওমৰনৈৰ ত্ৰিশখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় আজিও চৌদিশৰ পৰা অৱহেলিত।

চিকিৎসালয়খনত ২০১০ চনতে এটি অস্ত্ৰোপ্ৰচাৰ কক্ষ উদ্বোধন কৰিছিল তেতিয়াৰ কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি নেতা বিনন্দ কুমাৰ শইকীয়াই৷ উদ্বোধন কৰাৰ পাছৰে পৰা যোৱা ৭ বছৰে চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ কক্ষত ওলমি আছে তলা।

দুখীয়া ৰাইজক ভুৱা সপোন দেখুৱাই চৰকাৰে লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰিছিল অস্ত্ৰোপচাৰ কক্ষটো। সমষ্টিৰ বিধায়ক তথা চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি বিনন্দ কুমাৰ শইকীয়াই কক্ষটো উদ্বোধন কৰি আজিলৈ খবৰ লবলৈ আহৰি পোৱা নাই৷

ৰাইজ তথা দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দেওমৰনৈ ৩০ খন গ্ৰাম্য চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ কক্ষটোত আজিও কিয় তলা ওলমি থাকিল বুলি চৰকাৰক প্ৰশ্ন কৰে৷ কক্ষটো এনেকৈ বন্ধ হৈ থকাত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে।

চিকিৎসালয়খনত প্ৰসূতি বিভাগৰ চিকিৎসক এগৰাকী নিযুক্তি দিয়াৰ দাবী জনাইছে ৰাইজে। চৰকাৰক অস্ত্ৰোপচাৰ কক্ষ সক্ৰিয় কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৪৪ খন গাঁৱৰ ৰাইজৰ চিকিৎসাৰ সম্বল দেওমৰনৈ ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খনৰ আন্তঃ গাঁঠনি উন্নত কৰাৰ দাবী জনাইছে।