ডিজিটেল ডেস্কঃ চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলা ৰোগীৰ জীৱনৰ বাবে কিমান ভয়াৱহ হৈ পৰিব পাৰে সেয়া দেখা গ’ল উত্তৰ প্ৰদেশৰ গোৰখপুৰত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সমষ্টিৰ আটাইতকৈ বৃহৎ চিকিৎসালয় বাবা ৰাঘৱ দাস মেডিকেল কলেজ হাস্পতালত অক্সিজেনৰ যোগান বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ৪৮ ঘণ্টাত মৃত্যুমুখত পৰে ৩০টিকৈ শিশু। এই ঘটনাই সমগ্ৰ দেশত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

গোৰখপুৰৰ উপায়ুক্ত ৰাজীৱ ৰৌতালাই এই বাতৰিৰ সত্যতা স্বীকাৰ কৰি জনাই যে বি আৰ ডি মেডিকেল কলেজ হাস্পতালত ৪৮ ঘণ্টাত ৩০ টি শিশুৱে কৰুণ মৃত্যুক সাবতি লয়।

জানিব পৰা মতে চিকিৎসালয় কৰ্তৃপক্ষই অক্সিজেন যোগান ধৰা সংস্থাটোক দীৰ্ঘদিন ধৰি মোটা অংকৰ ধন দিবলৈ বাকী আছিল। বহুবাৰ সেই ধন আদায় দিবলৈ কোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংশ্লিষ্ট সংস্থাটোৱে বন্ধ কৰি দিয়ে অক্সিজেনৰ যোগান। ফলত চিকিৎসাধীন হৈ থকা শিশুকেইটিৰ মৃত্যু হয়। 

এটি সূত্ৰই জনোৱা মতে, অক্সিজেন যোগান ধৰা সংস্থাটোক প্ৰায় ৬৭ লাখ টকা দিবলৈ বাকী আছিল চিকিৎসালয় কৰ্তৃপক্ষই। দীৰ্ঘদিন ধৰি আবেদন জনোৱাৰ পিছতো চিকিৎসালয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত অক্সিজেন সৰবৰাহ বন্ধ কৰি দিয়ে সংস্থাটোৱে।

সূত্ৰটোৰ মতে ৫ দিন পূৰ্বেই অক্সিজেনৰ যোগান অনিয়মীয়া কৰি আহিছিল সংস্থাটোৱে। ইয়াৰে প্ৰথম তিনিদিনত অতিকমেও ৩০টি শিশুৰ মৃত্যু হোৱা বুলিও সূত্ৰটোৱে সংবাদ মাধ্যমক সদৰী কৰিছে। আনহাতে যোৱা ৪৮ ঘণ্টাত মৃত্যুমুখত পৰে আৰু ৩০টি শিশুৰ।

ইফালে এই ঘটনাক অস্বীকাৰ কৰিছে যোগী চৰকাৰে। সংবাদ মাধ্যমে ভুল বাতৰি প্ৰচাৰ কৰা বুলিও এক বিবৃতিত উল্লেখ কৰে যোগী চৰকাৰে। আনকি বাতৰিৰ সত্যতা স্বীকাৰ কৰা বাবে উক্ত উপায়ুক্তজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো যো-জা চলাই থকা বুলি স্থানীয় এটি সংবাদ সংস্থাত বাতৰি প্ৰকাশ পাইছে।