www.rochakpost.com
www.rochakpost.com

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ চৰকাৰে কিন্নৰ সকলৰ বাবে এখন বৰ্ড গঠন কৰাৰ কথা ঘোষণা কৰিছে৷ কিন্নৰ কল্যাণ বৰ্ড নামেৰে গঠিত হ’ব লগা এই বৰ্ডখনৰ জৰিয়তে ৰাজ্যৰ সকলো লোকৰে কল্যাণ সাধন কৰিব পৰাকৈ প্ৰাৰম্ভিক পাঁচ কোটি টকাৰ ধনৰাশি আগবঢ়াইছে ৷

মহাৰাষ্ট্ৰৰ সামাজিক ন্যায় ৰাজ্য মন্ত্ৰী ন্যায়মূৰ্তি দিলীপ কাম্বলে জানিবলৈ দিয়া মতে এই বৰ্ডখন অতি শীঘ্ৰেই গঠন কৰা হ’ব৷ এই বৰ্ডৰ জৰিয়তে কিন্নৰ সকলৰ শিক্ষা, কৰ্ম সংস্থাপন, গৃহ নিৰ্মাণ আৰু স্বাস্থ্য আঁচনিৰ যোগেদি সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷

ইয়াৰোপৰি কিন্নৰ সকলক সংবিধানিক আৰু মানৱাধিকাৰৰ যোগেদিও ৰক্ষণাবেক্ষণ দিয়া হ’ব বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে ৷ মন্ত্ৰীজনে লগতে কয়, এনে এখন বৰ্ড গঠন কৰা মহাৰাষ্ট্ৰই হ’ল প্ৰথমখন ৰাজ্য ৷ 

উল্লেখ্য যে, কিন্নৰ কল্যাণ বৰ্ড গঠন কৰিবৰ বাবে ২০১৪ চনতেই পূৰ্বৰ চৰকাৰে বিচাৰ বিবেচনা কৰিছিল ৷ ২০১৩ বৰ্ষতে কেবিনেটৰ দ্বাৰা স্বীকৃত ৰাজ্য চৰকাৰৰ তৃতীয় মহিলা নীতিৰ জৰিয়তে কিন্নৰৰ কল্যাণ আৰু কিন্নৰে পাব লগা অধিকাৰৰ বাবে এই বৰ্ড গঠনৰ চিন্তা কৰা হৈছিল বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷