Image for Representation
Image for Representation

নতুন দিল্লীঃ স্বাধীনতা দিৱসত এইবাৰ বিশেষ ভূমিকা পালন কৰিব উত্তৰ-পূবৰ নাৰীশক্তিয়ে। সেই দিনটোত দেশৰ ৰাজধানী দিল্লীৰ পহৰাৰ দায়িত্বত থাকিব উত্তৰ-পূবৰ ৪১গৰাকী মহিলা কমাণ্ডো। ইতিমধ্যে এই মহিলা কমাণ্ডোসকলক বিশেষ প্ৰশিক্ষণ প্ৰদানেৰে প্ৰস্তুতি কৰি তোলা হৈছে।

স্বাধীনতা দিৱসৰ অনুষ্ঠানত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’লে তাৰ সন্মুখীন হ’ব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে এই নাৰী বাহিনীক। মূলত দিল্লীৰ লালকিল্লা আৰু ইণ্ডিয়া গেটৰ লগতে তাৰ সমীপৱৰ্তী অঞ্চলত নিৰাপত্তাৰ দায়িত্বত থাকিব এই নাৰী বাহিনী।

চোৰাংচোৱাৰ খবৰ অনুযায়ী এইবাৰ স্বাধীনতা দিৱসত দেশৰ ৰাজধানীত মহিলা সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ চলোৱাৰ সম্ভাৱনা আছে।

সেয়ে তেনে আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ দিল্লীৰ পহৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে মহিলা কমাণ্ডোক। দিল্লীৰ ঝাৰোদা কালানত যোৱা ৪ মাহ ধৰি এই ৪১ গৰাকী মহিলা কমাণ্ডোক দি থকা হৈছে উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ।

দিল্লী আৰক্ষীত কনিষ্টবল হিচাপে চমকপ্ৰদ সেৱা আগবঢ়াবলৈ সক্ষম হোৱা বাবেই উত্তৰ-পূবৰ এই ৪১ গৰাকী মহিলা আৰক্ষী জোৱানক বিশেষ কমাণ্ডো বাহিনীত অন্তৰ্ভূক্ত কৰা হৈছে বুলি জানিবলৈ দিছে শীৰ্ষ সূত্ৰই। এই বিশেষ নাৰী বাহিনীটোক আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ ফল আখ্যা দিয়া হৈছে।

ইণ্ডিয়া টাইমছত প্ৰকাশিত বাতৰি মতে, এই নাৰী বাহিনীৰ প্ৰতিগৰাকী কমাণ্ডোৰ হাতত থাকিব এটাকৈ AK-47 এছাল্ট ৰাইফল, এটা MP5 ছাবমেছিন গান আৰু অতি কমেও ৩০ ৰাউণ্ড মেগজিন।

ইয়াৰ লগতে থাকিব Glock ১৭ অথবা Glock ২৬ পিষ্টল, হেণ্ডগ্ৰেণেড, ৱায়াৰলেছ ছেট, ২০ মিটাৰ নাইলনৰ ৰছী, এটা পেন্সিল টৰ্চ, বুলেটপ্ৰুফ জেকেট, ফ্লেম টৰ্চ, ছুৰী কটাৰী আৰু কমাণ্ডো ডেগাৰ।

চকুৰ পলকতে বহুমহলীয়া অট্টালিকা জপিয়াই উঠা আৰু তললৈ জাপ দিয়াৰ লগতে হোটেলৰ ভিতৰত থকা পণবন্দীক উদ্ধাৰৰ ক্ষেত্ৰত সিদ্ধহস্ত উত্তৰ-পূবৰ এই নাৰী বাহিনী।