newsnextone.com | ডিজিটেল ডেস্কঃ বয়স মাথো এটা সংখ্যা৷ সাফল্যৰ ক্ষেত্ৰত বয়স কেতিয়াও বাধা হ’ব নোৱাৰে৷ এই কথা পুনৰ এবাৰ প্ৰমাণ কৰিলে ৫৩ বছৰীয়া প্ৰাক্তন মডেল সংগীতা বেহলে৷ প্ৰবীনতম ভাৰতীয় মহিলা হিচাপে তেওঁ মাউন্ট এভাৰেষ্টৰ শিখৰত খোজ থৈ বয়সৰ প্ৰতিবন্ধকতাক নসাৎ কৰিবলৈ সক্ষম হয়৷ 

জন্মু-কাশ্মীৰৰ উদ্যোগপতি সংগীতা বৰ্তমান গুৰুগ্ৰামৰ বাসিন্দা৷ দেওবাৰে মহিলাগৰাকীৰ অসমান্য কৃৰ্তীত্বৰ বাবে কাঠমাণ্ডুৰ ভাৰতীয় দূতাৱাসে সম্বৰ্ধনা জ্ঞাপন কৰে৷ যোৱা ১৯ মে’ত দুগৰাকী শেৰপাৰ সহযোগত সংগীতা বেহলে বিশ্বৰ আটাইতকৈ ওখ শৃংগ মাউন্ট এভাৰেষ্টৰ শিখৰত পদাৰ্পণ কৰে৷ উল্লেখ্য যে, ২০১৬ চনত সংগীতাৰ স্বামী অংকুৰ বেহলেও এভাৰেষ্ট জয় কৰিছিল৷ দম্পত্তিহালে বিশ্বৰ সাতখন দেশৰ ৭ টা শৃংগ জয় কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ দম্পত্তিহালে ইতিমধ্যে কেইবাটাও শৃংগ একেলগে জয় কৰিবলৈ সক্ষম হৈছে৷

বিশ্বৰ উচ্চতম ৭ টা শৃংগৰ ভিতৰত ৬ টা শৃংগ ইতিমধ্যেই সংগীতাই জয় কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি এভাৰেষ্ট বিজয়েৰে সংগীতা বেহলে বিশ্বৰ প্ৰবীনতম মহিলা এভাৰেষ্ট বিজয়ীৰ ৰেকৰ্ডো ভংগ কৰে৷ ২০১১ চনৰ ২০ মে’ত প্ৰেমলতা নামৰ মহিলা গৰাকীয়ে ৪৮ বছৰ বয়সত এভাৰেষ্ট জয় কৰাৰ অভিলেখ ভংগ কৰে সংগীতাই৷

এভাৰেষ্ট জয়ৰ পিছত ছ’চিয়েল মাধ্যমত সংগীতা বেহলে লিখে, ‘আমি মাউন্ট এভাৰেষ্ট জয় কৰি কাঠমাণ্ডু হৈ উভটিছো৷ যি সদায় আমাৰ বাবে প্ৰাৰ্থনা কৰি আহিছে, আমাৰ ওচৰত থাকি আমাক অনুপ্ৰেৰণা যোগাই আহিছে, তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ৷’ আনহাতে দ্ৰুত স্তন কেন্সাৰত আক্ৰান্ত তথা তাৰ চিকিৎসাৰ প্ৰয়োজনীয়তা আৰু তেনে ৰোগীসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবেও বিশেষ ব্যৱস্থা হাতত লৈ সংগীতা বেহলে এভাৰেষ্টৰ শিখৰত এখন পতাকা উৰুৱাই অহা বুলি জানিবলৈ দিয়ে৷ 

এভাৰেষ্ট বিজয়ৰ দুৰ্বাৰ হেঁপাহৰ ফলত দ্বিতীয়বাৰৰ প্ৰচেষ্টাত এভাৰেষ্ট বিজয়ত সফল হয় প্ৰাক্তন মডেল সংগীতা বেহল৷ প্ৰথমবাৰ কৰা প্ৰচেষ্টাত উচ্চতাজনিত ৰোগত আক্ৰান্ত হোৱাত অভিযান আধাৰতে সামৰিবলৈ বাধ্য হৈছিল তেওঁ৷ কিন্তু মনত থকা দুৰ্বাৰ বাসনাৰ বাবেই পুনৰ এবাৰ প্ৰচেষ্টাৰে সংগীতাই লক্ষ্যভেদ কৰিবলৈ সক্ষম হয়৷