ৰঙিয়াঃ সেনা-আৰক্ষীয়ে আটক কৰা সন্দেহজনক ছয়গৰাকী এনডিএফবি সদস্যক লৈ সৃষ্টি হৈছে ৰহস্য। মহানগৰীৰ জালুকবাৰীৰ পৰা বুধবাৰে সেনা-আৰক্ষীয়ে অভিযান চলাই আটক কৰা এনডিএফবিৰ সদস্যৰ ভাষ্য আৰু প্ৰশাসনৰ বিপৰীত ভাষ্যই ৰহস্যৰ সৃষ্টি কৰিছে।

সেনা-আৰক্ষীয়ে যুৱককেইজনক আজি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই। বুধবাৰে জালুকবাৰীত সন্দেহজনক পাঁচ যুৱকক সেনা আৰু আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে ৰঙিয়াৰ মৰাণজানাত আটক কৰিছিল এনডিএফবিৰ কেডাৰ বিদ্যাৰাম ওৰফে অজলা ওৰফে বি মুদৈক।

কিন্ত আটকাধীন যুৱক কেইজনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুযায়ী জামাল আৰু ধৰ্ম নামৰ দুজন লোকে তেওলোকক ষড়যন্ত্ৰ কৰি সেনা আৰু আৰক্ষীৰ হাতত ধৰা পেলাইছে। ইফালে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগুয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে এনডিএফবিৰ সদস্য বিদ্যাৰ নেতৃত্বত গোৱালপাৰাত এটা বেংক ডকাইতি কৰাৰ বাবে গৈ আছিল আটাইকেইজনে।

সেনা-আৰক্ষীয়ে খবৰ পাই আন ছয়জনক জালুকবাৰীৰ পৰা আটক কৰাৰ লগতে এনডিএফবি কেডাৰজনক ৰঙিয়া মৰাণজানাৰ পৰা এটি পিষ্টল আৰু পাছ জাই গুলী সহ আটক কৰিবলৈ সক্ষম হয়। শোণিতপুৰ জিলাৰ বিদ্যাৰাম ওৰফে অজলা ওৰফে বি মুদৈ, তেজপুৰৰ ধৰণী নাৰ্জাৰী, ঢেকিয়াজুলীৰ প্ৰদীপ দৈমাৰী, বকোৰ সুবৰ্ণ ৰাভা, ঢেকিয়াজুলীৰ অঞ্চুলা বসুমতাৰী, আনন্দ বজাৰৰ বিজয় বড়ো আৰু বাগানপাৰাৰ গাম্বন বড়োক সেনা- আৰক্ষীয়ে আটক কৰিছিল৷