বৰপেটাঃ ৰাজ্যৰ লক্ষ লক্ষ শিক্ষাৰ্থীৰ বহুল প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বুধবাৰে ফলাফল ঘোষণা হয়৷ আশা-প্ৰত্যাশাৰ মাজত সফলতাৰ হাঁহি বিৰিঙিল বহু শিক্ষাৰ্থীৰ মুখত৷ বৰপেটা চহৰৰ দুগৰাকী শিক্ষাৰ্থীয়েও ষষ্ঠ স্থান দখলেৰে গৌৰৱ কঢ়িয়াই আনিলে অঞ্চলটোলৈ৷ 

বৰপেটাৰ চেণ্ট মেৰিজ স্কুলৰ ছাত্ৰীদ্বয় ৰাজশ্ৰী পাঠক আৰু অভিপ্সা দাসে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ সৰ্বমুঠ ৫৮৮ নম্বৰেৰে ষষ্ঠ স্থান দখলৰ কৃতিত্ব লাভ কৰে৷ শিক্ষাৰ্থী দুগৰাকীৰ এই সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰী, স্কুল কৰ্তৃপক্ষ, অভিভাৱকৰ লগতে অঞ্চলবাসী৷ 

একেখন স্কুলৰ সহপাঠী ৰাজশ্ৰী-অভিপ্সা বাসিন্দা একেতা অঞ্চলৰে প্ৰতিৱেশীও৷ বৰপেটাৰ আমবাৰী-বিলৰটাৰি অঞ্চলৰ নিৱাসী ভাস্কৰ পাঠক আৰু ৰুণিমী হাজপিকা পাঠকৰ কন্যা ৰাজশ্ৰী পাঠকৰ সপোন অনন্য৷ বিজ্ঞান নহয়; কলা শাখাত উচ্চ শিক্ষা গ্ৰহণৰ মন ৰাজশ্ৰীৰ৷ আজৰি সময়ত ভিন্ন ভাষাৰ নোবেল পঢ়ি ভালপোৱা ৰাজশ্ৰীৰ আছে এটি কলাসুলভ মন৷ সংগীতপ্ৰেমী ৰাজশ্ৰীয়ে ভায়োলিনত তুলিব পাৰে অমিয়া সুৰৰ লহৰ৷ লক্ষ্য ৰাজশ্ৰীৰ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদানৰ৷ কলা শাখাত উচ্চ শিক্ষা গ্ৰহণ কৰি নিজৰ লক্ষ্যত উপনীত হোৱাই ৰাজশ্ৰীৰ ভৱিষ্যৎ পৰিকল্পনা৷ 

আনহাতে একেটা অঞ্চলৰে লেখক অমিয় দাসৰ জীয়ৰী অভিপ্সা দাসৰ লক্ষ্য মহাকাশিক অভিযন্তা হোৱাৰ৷ বিজ্ঞান শাখাত উচ্চ শিক্ষা গ্ৰহণ কৰি মহাকাশিক অভিযন্তা হৈ আকাশ চুৱাৰ হেঁপাহ অভিপ্সাৰ৷ পিতৃ অমিয় দাস এগৰাকী সুলেখক হোৱা সূত্ৰে অভিপ্সাই শিশু অৱস্থাৰ পৰাই পাই আহিছে এক গ্ৰন্থ প্ৰেমৰ পৰিৱেশ৷ গ্ৰন্থই পকৃত মিত্ৰ আপ্তবাক্যত বিশ্বাসী পঢ়ুৱৈ অভিপ্সাই আজৰি সময়ত ভাল পায় বিভিন্ন গ্ৰন্থ পঢ়ি৷ 

শিক্ষাৰ্থী দুগৰাকীৰ সপোন ৰূপালীম দিঠক হওঁক বুলি শুভকামনা জনাই শুভাকাংক্ষীয়ে৷ ইপিনে, এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটা জিলাৰ সৰ্বমুঠ ১৯,৫৯৭ গৰাকী শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল আৰু জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৬৬.৩৫%৷