দক্ষিণ শালমাৰাঃ চৰকাৰ সলনি হ’ল যদিও পূৰ্বৰ দৰেই আজিও অসমৰ গৰু বাংলাদেশলৈ অবৈধভাৱে চালান অব্যাহত আছে৷ ৰাজ্যৰ দল-সংগঠনে গৰুৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও সেয়া দাবী হৈয়ে ৰৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খোদ আছুৰ মুখ্য উপদেষ্টাক লৈ অসম-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰি অহাৰ পাছতো সীমান্তত অব্যাহত আছে অনৈতিক কাৰ্য্য ৷ আজি দক্ষিণ শালমাৰা জিলাৰ উন্মুক্ত অসম-বাংলাদেশ সীমান্তৰে চোৰাঙকৈ গৰু নি থাকোতে সীমান্তৰ টহলদাৰী বি এছ এফ জোৱানে গৰুসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়৷

দৈনিক জাকে জাকে গৰু বাংলাদেশলৈ চালান হয় বুলি একাংশ লোকৰ অভিযোগৰ মাজতে বি এছ এফ জোৱানে ৯২ টা গৰুসহ দুজনকৈ অবৈধ গৰু ব্যৱসায়ীক আটক কৰে। ধুবুৰী আৰু উত্তৰ শালমাৰা জিলাৰ চৰ অঞ্চলেৰে গৰুৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

সুখচৰ, বৰাইৰ আলগা, পুৰণি দেৱান আলগা, মহামায়া চৰ আদি এলেকাত নিতৌ বাংলাদেশলৈ গৰু চালান হৈ থকাৰ মাজতে আজি চৌকিচৰ বি এছ এফ কেম্পে উক্ত ঠাইৰ পৰাই গৰু কেইটা জব্দ কৰিবলৈ সক্ষম হয়৷