উদ্যোগী মহিলা মুকুতা হোজাইছালৈ প্ৰাগ নিউজৰ প্ৰেৰণা সন্মান
ডিফু: প্ৰাগ নিউজে ২০১৬ চনৰ পৰা সমাজলৈ বিশেষ অৱদান আগবাঢ়োৱা মহিলা সকলক প্ৰাগ প্ৰেৰণা সন্মান আগবঢ়াই আহিছে ৷ ২০১৬ আৰু ২০১৭ চনত দেশৰ ২১গৰাকী মহিলাক নিউজ চেনেলটোৱে এই সন্মান আগবঢ়াইছিল ৷ তাৰ মাজত আছিল দেশৰ খ্যাতনামা শিল্পী ঊষা মংগেশকাৰ ৷ ২০১৮ চনত এই সন্মান দেশৰ ১৪ গৰাকী মহিলাক অৰ্পণ কৰা হৈছিল ৷
দেশৰ খ্যাতনামা শিল্পী ঊষা উথুপক ২০১৮ বৰ্ষত প্ৰদান কৰা হৈছিল বিশেষ সন্মান ৷ আজি প্ৰাগ নিউজ কতৃপক্ষই ঘোষণা কৰিছে ২০১৯ চনৰ প্ৰাগ প্ৰেৰণা সন্মান প্ৰাপক সকলৰ নাম ৷ প্ৰাগ নিউজৰ এই সৎ প্ৰচেষ্টাৰ বাবে দেশৰ কুকিলকন্ঠি গায়ীকা লতা মংগেশকাৰে চেনেলটোক ধন্যবাদ জ্ঞাপন কৰি এনে প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে ৷
চলিত বৰ্ষৰ প্ৰাগ প্ৰেৰণা সন্মান আগবাঢ়োৱা হ’ব ৰাজ্যৰখনৰ বিভিন্ন ক্ষেত্ৰত বিশিষ্ট অৱদান আগবাঢ়োৱা ৮ গৰাকী মহীয়সীক ৷ মহিলা সৱলীকৰণত গ্ৰাম্য এলেকাত দুটা দশক ধৰি নিৰবিচ্ছিন্ন ভাৱে কাম কৰি অহাৰ বাবে কাৰবি আংলং জিলাৰ অসম নগালেণ্ড সীমান্তৰ উদ্যোগী মহিলা মুকুতা হোজাইছালৈ আগবাঢ়োৱা হৈছে ৷
সুৰক্ষাৰ ক্ষেত্ৰত বিশিষ্ট সেৱা আগবাঢ়োৱাৰ বাবে বীৰংগণা ববী বৈশ্য , সাহিত্য আৰু উদ্যমিতাৰ ক্ষেত্ৰত আগবাঢ়োৱা অৱদানৰ বাবে জুতিকা মহন্ত. সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়োৱা অৱদানৰ বাবে তৰাৱলী মিলি বৰি , সাহিত্য ক্ষেত্ৰত অৱদানৰ বাবে জাহ্নবী বৰুৱা , চিকিৎসা তথা সামাজিক ক্ষেত্ৰত আগবাঢ়োৱা অৱদানৰ বাবে ডা : লক্ষ্মী গোস্বামী , বেংকিং খণ্ডলৈ আগবাঢ়োৱা অৱদানৰ বাবে লখিমী বৰুৱা আৰু ৰাজনীতি ক্ষেত্ৰলৈ আগবাঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে হেমপ্ৰভা শইকীয়াক প্ৰদান কৰা হ’ব প্ৰেৰণা সন্মান ৷
৮ মাৰ্চত হোটেল গ্ৰীণউদ ৰিজটত এক বৰ্ণাঢ্য অনুষ্ঠানত এই বটাঁ সমূহ প্ৰদান কৰা হ’ব ৷ য’ত উপস্থিত থাকিব ৰাজ্য তথা দেশৰ বহু কেইগৰাকী খ্যাতিমান ব্যক্তি ৷ কাৰ্বি আংলং জিলাৰ পিছপৰা এলেকাত মহিলা আৰু শিশুৰ সবাংগীন উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰা মুকুতা হোজাইলৈ এই সন্মান আগবাঢ়োৱা বাবে জিলাখনৰ বৌদ্ধিক মহলে আনন্দ প্ৰকাশ কৰিছে ৷
‘‘গাঁৱত কিছু কাম কৰি আছো তাৰ বাবে এনে সন্মান পাম বুলি কল্পনাও কৰা নাছিলোঁ ৷ ইয়াৰ বাবে প্ৰাগ নিউজৰ ওচৰত মই কৃতজ্ঞ ৷ এই সন্মানে মোক আনন্দিত কৰাতকৈ ভয় খুৱাইছে বেছি ৷ কাৰণ মহিলা সকলৰ বাবে কৰা কামৰ বাবে এই সন্মান দিয়াৰ লগে লগে মোৰ দায়িত্ব বাঢ়িল’’৷ মতপ্ৰকাশ কৰে মুকুতা হোজাইছায়ে ৷