News Next one , বিশ্বনাথ চাৰিআলি ঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ছোৱাতে ৰাষ্ট্ৰ ভাষা প্ৰচাৰ ,প্ৰসাৰ , আৰু শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গঢ় লৈ উঠা বিশ্বনাথ চাৰিআলি ৰাষ্ট্রীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ফটিক বৰাই আজি অৱসৰ গ্ৰহন কৰে ৷

উল্লেখ্য যে শিক্ষকতা জীবনৰ ৪০ বছৰ সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহন কৰা প্ৰধান শিক্ষক গৰাকীক সন্মান জনোৱাৰ উদ্দেশ্যে বিশেষ কাৰ্যসুচী গ্ৰহন কৰি আয়োজিত এক অনুষ্ঠানত
বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি , প্ৰাক্তন সভাপতি , ৩ নং ৱাৰ্ড কমিচনাৰ, শিক্ষক, স্থানীয় নাগৰিক সমন্বিতে ছাত্ৰ -ছাত্ৰী সকলে প্ৰাক্তন প্ৰধান শিক্ষক ফটিক বৰাক ফুলাম গামোছা আৰু উপহাৰ দি সম্বৰ্দ্ধনা জনাই ৷ এই অনুষ্ঠানতে প্ৰধান শিক্ষক
ফটিক বৰায়ে আনুষ্ঠানিক ভাবে বিদ্যালয়ৰ সহকাৰী শিক্ষক সূর্যনাৰায়ণ পাণ্ডেক বিদ্যালয়খনৰ সম্পূর্ণ দায়িত্ব অৰ্পণ কৰে আৰু নিজৰ কাৰ্যকালৰ চমু খতিয়ান দাঙি ধৰাৰ লগতে স্মৰণীয় ক্ষণৰ স্মৃতি বিজড়িত বিষয়ৰ ওপৰতো আলোকপাত কৰি ভাৱবিভোৰ বক্তব্য ৰাখে ।

কাৰ্যসূচীত ৰাষ্ট্ৰীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰভূনাথ সিঙে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ফটিক বৰাৰ ৪০ বছৰীয়া সুদীৰ্ঘকাল শিক্ষকতাৰ কাৰ্যকালত বিদ্যায়তনিক দিশত একনিষ্ঠ ভাবে সেৱা আগবঢ়াই যোৱা তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ সাৰগৰ্ভ বক্তব্য ৰাখে । অনুষ্ঠানত কেইবাগৰাকী বক্তাই তেওঁৰ শিক্ষকতা জীৱনৰ ওপৰত আলোকপাত কৰি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ