newsnextone.com | ডিজিটেল ডেস্কঃ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচীৰ ৰায় বাহাল থাকিব নে নাই তাৰ ৰায় দিব সোমবাৰে আদালতে৷ ফাঁচীৰ ৰায় বাহাল থাকিব নে যাবজ্জীৱন কাৰাদণ্ড দিয়া হ’ব এই সন্দৰ্ভত আদালতে সোমবাৰে সিদ্ধান্ত গ্ৰহণ কৰিব৷ সোমবাৰে দুই বজাৰ পৰা নিৰ্ভয়া কাণ্ডৰ দোষীৰ পক্ষৰ আবেদনৰ শুনানি অনুষ্ঠিত হ’ব৷ 

জানিব পৰা মতে, বিগত বছৰৰ নৱেম্বৰত এই আবেদনৰ শুনানি অনুষ্ঠিত হয়৷ সোমবাৰে উচ্চ ন্যায়ালয়ত অন্তিম শুনানিৰ অন্তত ৰায় প্ৰদান কৰিব৷  

দিল্লী উচ্চ ন্যায়ালয়ে এই কাণ্ডৰ ৬ জনক দোষী সাব্যস্ত কৰি ৫ জনক ফাঁচীৰ ৰায় দিয়াৰ লগতে এজনৰ বয়স ১৮ বছৰ হোৱাৰ বাবেই জুৱেনাইল গৃহলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু এই কিশোৰ জনেই বেছি নৃশংস আছিল বুলি দাবী কৰে নিৰ্ভয়াৰ মাতৃয়ে৷ ইতিমধ্যে নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত বাছ চালক ৰাম সিঙে জেলৰ ভিতৰতে আত্মহত্যা কৰিছিল৷ মুকেশ (২৯), পবন কুমাৰ গুপ্তা (২২), বিনয় শৰ্মা (২৩) আৰু অক্ষয় কুমাৰ সিঙৰ (৩১) পক্ষই ফাঁচীৰ ৰায়ৰ বিৰুদ্ধে শীৰ্ষ আদালতত আবেদন কৰিছিল৷ আবেদনৰ ভিত্তিত আদালতত শুনানি অনুষ্ঠিত হ’ব সোমবাৰে৷   

ধৰ্ষণকাণ্ডৰ দোষী পক্ষৰ অধিবক্তাৰ মতে, মৃত্যুদণ্ড মানে শীতল মস্তিষ্কৰে হত্যা কৰা হয়৷ বহু দেশত মৃত্যুদণ্ড নিষিদ্ধ কৰা হৈছে৷ সভ্য দেশত সৰ্বোচ্চ শাস্তি হিচাপে মৃত্যুদণ্ডৰ কোনো স্থান নাই৷ অধিবক্তাৰ মতে এওঁলোকে জন্মগত ভাৱে অপৰাধী নহয়৷ ইয়াৰ পূৰ্বে এওঁলোকৰ কোনো অপৰাধ কাৰ্যত নাম নাই৷ হঠাৎ এই কাৰ্য সংঘটিত কৰিছিল৷

উল্লেখ্য যে, দেশৰ ইতিহাসৰ সকলোতকৈ নৃশংস হত্যাকাণ্ড আৰু ধৰ্ষণ কাণ্ড বুলি চৰ্চিত এই ধৰ্ষণ কাণ্ড৷ এই কাণ্ড ২০১২ চনৰ ১৬ ডিচেন্বৰত সংঘটিত হৈছিল৷ দেশৰ ৰাজধানী দিল্লীত এখন বাছত এগৰাকী ২৩ বছৰীয়া যুৱতীক তুলি নি ৬ জন লোকে প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত বৰ্বৰ ভাৱে আক্ৰমণ কৰি পথৰ দাতিত পেলাই থৈ যায়৷ যুৱতীৰ সৈতে তেওঁৰ বন্ধু এগৰাকী আছিল যদিও বন্ধুজনকো মাৰধৰ কৰি বাছৰ পৰা পেলাই দিছিল৷ ১৩ দিনেই মৃত্যুৰ সৈতে যুঁজ দি ২৯ ডিচেম্বৰত নিৰ্ভয়াই মৃত্যুক আকোৱালি লয়৷ সমগ্ৰ দেশ উত্তাল কৰিছিল এই ধৰ্ষণ কাণ্ডই৷