বি জে পি নেতাৰ পুত্ৰই ফেচবুকত আপডেট দিলে পাকিস্তান জিন্দাবাদ! 

নগাওঁঃ ফেচবুকত পুনৰ বিতৰ্কিত প'ষ্ট আপল'ড কৰি জাতীয় সংগঠন আৰু স্থানীয় ৰাইজৰ ৰোষত পৰিল নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত অৰুণা গাঁৱৰ এজন কিশোৰ।

ৰূপহীহাটৰ অৰুণাৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই ফেচবুকত "পাকিস্তান জিন্দাবাদ" বুলি পোষ্ট আপল'ড কৰি এতিয়া একাংশ সংগঠনৰ ৰোষত পৰিছে।

কিশোৰজনে প'ষ্টটো আপল'ড কৰাৰ পাছতেই স্থানীয় একাংশ ৰাইজ তথা কেইবাটাও সংগঠনৰ সদস্য বৃহস্পতিবাৰে কিশোৰজনৰ বাসগৃহত উপস্থিত হৈ কিশোৰজনে কৰা দেশ-বিৰোধী কাণ্ডৰ বিষয়ে বুজনি প্ৰদান কৰাৰ উপৰিও ক্ষুব্ধ একাংশই কিশোৰজনক কাণত ধৰাই আঁঠু কঢ়াই ভৱিষ্যতে দেশ-মাতৃৰ বিৰোধী এনে ধৰণৰ কাৰ্য নকৰিবলৈ সকীয়াই দিয়াৰ লগতে অভিভাৱককো কটূ কথা শুনায়।

উল্লেখ্য যে, স্থানীয় এজন বি জে পি নেতাৰ পুত্ৰৰ এনে কৰ্ম-কাণ্ডত এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।