গোলাঘাট, ১০ আগষ্ট : ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হোৱা স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশৰূপে আজি গোলাঘাটতো লোক নিৰ্মাণ(পথ) বিভাগৰ পৰিদৰ্শন ভৱনৰ সভাকক্ষত 'গ্ৰামীণ যোগাযোগ ব্যৱস্থাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ভূমিকা' শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় ।

জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাচক্ৰত গোলাঘাট, খুমটাই, বোকাখাত আৰু সৰুপথাৰ সংমণ্ডলৰ অভিযন্তা আৰু বিষয়াসকলে গ্ৰাম্য এলেকাৰ উন্নীতকৰণত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ভূমিকা, এই যোজনাৰ সফলতা, জিলাখনৰ গ্ৰাম্য পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পি এম জি এছ ৱাই-৩ ৰূপায়ন সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷

গোলাঘাট জিলাত আচঁনিখনৰ সফলতাৰ খতিয়ান দাঙি ধৰি গোলাঘাট আৰু খুমটাই ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শ্ৰী মৃগেন্দ্ৰ নাৰায়ণ দত্তই কয় যে আঁচনিখন আৰম্ভ কৰা দিন ধৰি চলিত বৰ্ষৰ ৩০ জুলাইলৈকে প্ৰথম পৰ্যায়ৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ দ্বাৰা লোকনিৰ্মাণ বিভাগৰ গোলাঘাট পথ সংমণ্ডলৰ অধীনত ১১৫৩.৯৩৬ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে । আনহাতে দ্বিতীয় পৰ্যায়ত ৮১.৯৫ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে আৰু ৭২.৭৩ কিলোমিটাৰ পথৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । তৃতীয় পৰ্যায়তো এতিয়ালৈকে ১৪৪.৩৩ কিলোমিটাৰ পথ উন্নীতকৰণৰ বাবে অনুমোদন লাভ কৰা হৈছে আৰু ইয়াৰে ২০.৫০ কিলোমিটাৰৰ কাম সম্পূৰ্ণ হৈছে । আঁচনিখনৰ অধীনত বিভিন্ন পৰ্যায়ত এতিয়ালৈকে মুঠ ১৩৬৭.৪১৬ কিলোমিটাৰ পথৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি তেওঁ প্ৰকাশ কৰে ।

আলোচনাচক্ৰত কেইবাগৰাকীও অভিযন্তাই ভাগ লৈ পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত ভাষণ দি জিলা উপায়ুক্তগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাই জিলাখনৰ গ্ৰাম্য পথ যোগাযোগ ব্যৱস্থালৈ আমূল পৰিবৰ্তন আনিছে । তেওঁ পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি কয় যে ঠিকাদাৰসকলৰ মাজৰ পৰাই ন ন উদ্ভাৱনী কৌশলেৰে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰিব লাগিব । বিভাগলৈ বাট নাচাই নিজেই আগভাগ লৈ পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দিবলৈ তেওঁ ঠিকাদাৰসকলৰ প্ৰতি আহ্বান জনায় । নতুন প্ৰযুক্তিয়ে যোগাযোগ ব্যৱস্থাটোলৈ পৰৱৰ্তী ১০/১৫ বছৰত বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ জিলাখনত এই আঁচনিৰ অধীনত লাভ কৰা সফলতাৰ বাবে অভিযন্তা, বিষয়া, ঠিকাদাৰ আৰু কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে ।

আলোচনাচক্ৰত আটাইকেইটা পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাসকলে কেইবাটাও বিষয় লৈ আলোচনা কৰে । আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, লোকনিৰ্মাণ বিভাগৰ গোলাঘাট পথ মণ্ডলৰ অধীক্ষক অভিযন্তা শ্ৰী মহেন্দ্ৰ নাৰায়ণ শইকীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া আৰু কেইবাগৰাকীও অভিযন্তা, ঠিকাদাৰ, বিষয়া-কৰ্মচাৰী তথা সংবাদ মাধ্যমৰ প্ৰতিনিধি উপস্থিত আছিল ।