গোলাঘাট, ৮ আগষ্ট : গোলাঘাট জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত কালি সপ্তম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় । এই উপলক্ষে জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীক্ষক ম: ফকৰুদ্দিন আহমেদৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় ।

সভাত গোলাঘাট (সদৰ)ৰ মহকুমাধিপতি শ্ৰীযুতা সংগীতা বৰঠাকুৰ আৰু জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক শ্ৰী উমেশ কুমাৰ উপস্থিত আছিল । নিজৰ ভাষণত মহকুমাধিপতি গৰাকীয়ে ভাৰতত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ইতিহাস, প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ত ইয়াৰ বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত বক্তব্য আগবঢ়ায় ।

সভাত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধকগৰাকীয়ে বিভাগৰ তৰফৰ পৰা শিপিনীসকললৈ আগবঢ়োৱা বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰে । উপ হস্ততাঁত বিষয়া শ্ৰী কিৰণ বৰুৱাই আঁত ধৰা সভাত সভাপতিগৰাকীয়ে শিপিনীসকলক আগবঢ়াই লৈ যোৱাৰ বাবে হস্ততাঁত বিভাগে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা আত্মসহায়ক গোট, সমন্বিত হস্ততাঁত প্ৰকল্প আৰু ব্যক্তিগত শিপিনীসকলে অংশগ্ৰহণ কৰে ।