মাতৃভাষা দিৱসত কি ক’লে ভাষাবিদ ড° বসন্ত কুমাৰ গোস্বামীয়ে
চিনামৰা: "জাতীয় বিদ্যালয়ে অসমৰ মাতৃভাষা শিক্ষালৈ অনা জোৱাৰে জাতিটোক সঞ্জীৱনী সুধা পাণ কৰালে। ১৯৯৪ চনত গুৱাহাটীৰ বুকুত আৰম্ভ হোৱা এই যাত্ৰাত এতিয়া অসমৰ প্ৰতিজন সচেতন ব্যক্তি তথা অভিভাৱক উবুৰি খাই পৰিছে"।
এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা ভাষাবিদ ড° বসন্ত কুমাৰ গোস্বামীৰ। আজি চিনামৰা জাতীয় বিদ্যালয়ত অনুষ্ঠিত আন্তৰ্জাতিক মাতৃভাষা দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গোস্বামীয়ে এইদৰে কয়।
অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰী সকলে পলুৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে মাতৃভাষা সুৰক্ষৰ দাবীত সমদল বাহিৰ কৰে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত মাতৃভাষাৰ বিষয়ত প্ৰদৰ্শনী মূলক বক্তৃতা প্ৰদান কৰে । সভাত ৰেক্টৰ ৰবীন্দ্ৰনাথ শৰ্মা, অধ্যক্ষ দিব্যজ্যোতি শৰ্মায়ো বক্তব্য প্ৰদান কৰে৷