newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে জম্মু কাশ্মীৰৰ এগৰাকী আৰক্ষী বিষয়াক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি নিয়াৰ পিছত পুনৰ এগৰাকী কাকতৰ সম্পাদকক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে৷
#SpotVisuals: Terrorists attack editor of Rising Kashmir newspaper Shujaat Bukhari in Press Colony in Srinagar city. Bukhari and his SPO are injured. pic.twitter.com/m9ghQZVctT
— ANI (@ANI) June 14, 2018
বুধবাৰে নিশা দক্ষিণ কাশ্মীৰৰ পৰা অপহৃত আৰক্ষী বিষয়াগৰাকী উদ্ধাৰ নোহোৱাৰ সময়তে কাকতৰ সম্পাদকক ভয়াবহ আক্ৰমণ কৰাৰ খবৰ আহিছে৷ শ্ৰীনগৰৰ প্ৰেছ কলনিত স্থানীয় কাকতৰ সম্পাদকক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে৷ এটা অস্ত্ৰধাৰী দলে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে৷ ৰাইজিং কাশ্মীৰ কাকতৰ সম্পাদক চুজাত বুখাৰীক আক্ৰমণ কৰে৷ ফলত দেহৰক্ষী আৰু বুখাৰী গুৰুতৰ ভাৱে আহত হয়৷
উল্লেখ্য যে, বুধবাৰে নিশা অপহৰণ কৰি নিয়া আৰক্ষী বিষয়াগৰাকীৰ বৰ্তমানেও কোনো সন্ধান লাভ কৰা নাই জম্মু কাশ্মীৰ আৰক্ষীয়ে৷ তাৰ মাজতে জম্মুৰ শ্ৰীনগৰত এখন স্থানীয় কাকতৰ সম্পাদকক আক্ৰমণ কৰে।