newsnextone.com | ডিজিটেল ডেস্কঃ হলিউডৰ দুই তাৰকাক অপহৰণ কৰি নি উলংগ কৰি শাস্তি প্ৰদান কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ ডেইজী মেক্ৰাকণ আৰু জোচেফ ক্যাপনক অপহৰণ কৰি নি তিনিদন ধৰি বৰ্বৰ ভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ টুইটাৰত পোষ্টা কৰা এটা ভিডিঅ’ৰ জৰিয়তে অপৰাধীক ধৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে লছ এঞ্জেল আৰক্ষীয়ে৷ বিগত ৩ মে’ত লছ এঞ্জেলৰ ডেইজীৰ বাসভৱনৰ পৰা দুয়োকে দুৰ্বৃত্তই পিষ্টল দেখুৱাই অপহৰণ কৰি নিছিল কিছ আন্দ্ৰে ষ্টুৱাৰ্ড, জণ্টি জোন্স আৰু আম্বাৰ নীল নামৰ তিনিগৰাকী লোকে৷ ইয়াৰে আম্বাৰ নীল নামৰ মহিলাগৰাকী ধৰা পৰাৰ পিছতহে ঘটনাৰ কথা পোহৰলৈ আহে৷

দুই অভিনেতাক কালো হুড পৰি এলেকাত আৱদ্ধ কৰি ৰাখে৷ সেই সময় উলংগ কৰি ৰখাৰ লগতে একো খাবলৈ দিয়া হোৱা নাছিল৷ তাৰ লগে লগে ১০ হাজাৰ ডলাৰ মুক্তিপণ দাবী কৰে৷ অভিনেত্ৰীৰ পৰা চেক পৰ্যন্তত স্বাক্ষৰ কৰি লৈছিল দুৰ্বৃত্তই৷ 

পুনৰ ডেইজীক নিজ বাসগৃহলৈ নিয়াৰ সময়তে সুযোগ বুজি পলায়ন কৰিছিল৷ গ্ৰেপ্তাক কৰা তিনিওজন লোকৰ বিৰুদ্ধে অপহৰণ, শাৰিৰীক নিৰ্যাতন, ষড়যন্ত্ৰ সহ ১৭টা ধাৰাত গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে এই সমষ্টকাণ্ড কেমেৰাত আৱদ্ধ কৰি টুইটাৰত পোষ্ট কৰি খবৰ ৰাজহুৱা কৰিছিল৷ তাৰ পিছতে আৰক্ষীয়ে ধৰা পেলাই অপহৰকাৰীক৷