নগাঁওঃ পঞ্চায়ত বুলিলেই সততে উত্থাপিত হয় দুৰ্নীতি-অনিয়মৰ অভিযোগ ৷ কিন্তু এখন গাওঁ পঞ্চায়তৰ সম্প্ৰতি দুটা অতি প্ৰশংসনীয় আৰু জনহিতকৰ পদক্ষেপৰ বাবে বহুলভাৱে চৰ্চা লাভ কৰিছে৷ চৰ্চিত হৈ পৰা নগাঁও জিলাৰ এই পঞ্চায়তখনৰ নাম হৈছে কাছমাৰী গাওঁ পঞ্চায়ত৷
কিয় চৰ্চাত কাছমাৰী গাওঁ পঞ্চায়ত
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ নগাঁও সদৰ সমষ্টিৰ এলেকাধীন গাঁও পঞ্চায়ত কাছমাৰী। পঞ্চায়তৰ সভাপতি পংকজ বৰাৰ নেতৃত্বত উপ-সভাপতি আৰু ৱাৰ্ড সদস্যসকলে ৰাইজৰ সহযোগিতাত সমগ্ৰ কাছমাৰী অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰি দৈনিক চলি থকা শ শ মাটি কঢ়িওৱা ট্ৰাক, টেক্টৰ আৰু ডাম্পাৰৰ বিৰুদ্ধে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ ইয়াৰ লগতে পঞ্চায়ত এলেকাত অবৈধ সুৰা-জুৱাৰ বেহা আৰু প্ৰচলন বন্ধ কৰাৰো পদক্ষেপ লৈছে পঞ্চায়তখনে।
কাছমাৰী গাঁও পঞ্চায়তে গ্ৰহণ কৰা এনে পদক্ষেপে এতিয়া সমগ্ৰ নগাঁও জিলাতে লাভ কৰিছে ব্যাপক চৰ্চা। জিলাখনৰ অন্যান্য পঞ্চায়তসমূহকো এনেদৰে অবৈধ কাম-কাজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় লোকসকলে।
কিয় গ্ৰহণ কৰিলে এনে পদক্ষেপ?
নগাঁও সদৰ ৰাজহ চক্ৰৰ অধীনৰ বৃহত্তৰ কাছমাৰী আৰু চকলাঘাট অঞ্চলৰ প্ৰতিটো পকীপথ আৰু পঞ্চায়তৰ পুঁজিৰে নিৰ্মাণ কৰা পথেৰে দৈনিক শতাধিক ট্ৰাক, টেক্টৰ আৰু ডাম্পাৰে কৃষি পথাৰৰ মাটি কাটি নগাঁও চহৰকে ধৰি বিভিন্ন স্থান তথা ইটাভাটা আদিলৈ অহৰহ মাটি কঢ়িয়াই আহিছে। কাহিলীপুৱাৰে পৰা আৰম্ভ কৰি সন্ধিয়া ৬-৭ বজালৈ তীব্ৰ বেগত চলা এই মাটি কঢ়িওৱা যান-বাহনসমূহে প্ৰায়ে প্ৰাতঃভ্ৰমণৰত লোকৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰী, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অফিচ-কাছাৰীলৈ অহা-যোৱা কৰা লোকসকলক সমস্যাত পেলাই আহিছে। তদুপৰি ধূলি আৰু গাড়ীৰ বিকট শব্দই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাই নহয়, সকলোবোৰ পথৰ অৱস্থা কদৰ্যময় কৰি পেলোৱাও দেখা গৈছে ৷ সেয়ে পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰাইজৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
কি অভিযোগ ৰাইজৰ?
বিশেষকৈ কাছমাৰী হৈ নগাঁও চহৰলৈ যোৱা সদাব্যস্ত গড়কাপ্তানি পথটোৰে সাধাৰণ মানুহৰ বাবে যাতায়ত কৰাটো আজিৰ তাৰিখত একেবাৰে অসম্ভৱ হৈ পৰিছে ৷ স্থানীয় সচেতন ব্যক্তিসকলৰ অভিযোগ অনুসৰি নিৰ্দিষ্ট কেইজনমান মাটিৰ দালালে সাধাৰণ দুখীয়া কৃষকক নানা ধৰণৰ চলাহী কথাৰে ঠগি দাৰিদ্ৰতাৰ সুযোগ লৈ কৃষিভূমি কাটি তহিলং কৰি আহিছে। সচেতন লোকসকলে পঞ্চায়তক বাৰম্বাৰ অভিযোগ কৰাৰ পিছতে এইদৰে উক্ত ট্ৰাক, ডাম্পাৰ, ট্ৰেক্টৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।
কি কি চৰ্ত গাওঁপঞ্চায়তৰ?
ৰাইজৰ অভিযোগৰ পিছতে পঞ্চায়তৰ ফালৰ পৰা ৰাজহুৱা জাননী জাৰি কৰি ট্ৰাক-ডাম্পাৰৰ মালিক, টেক্টৰৰ পৰিচালক, ঠিকাদাৰৰ ওপৰত বিভিন্ন চৰ্ত আৰোপ কৰিছে ৷ এই চৰ্তসমূহৰ ভিতৰত পঞ্চায়ত এলেকাৰ পৰা কৃষিভূমি কাটি কোনেও ব্যৱসায় ভিত্তিত আন ঠাইলৈ নিব নোৱাৰিব৷ কোনো লোকে কৃষি ভূমি কাটিলে আগতীয়াকৈ নিজা ৰাজহ চক্ৰ বিষয়াৰ অনুমতি ল’ব লাগিব ৷
কাছমাৰী গাঁও পঞ্চায়তে গঞা কৃষকৰ কৃষিভূমি দালাল চক্ৰৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে তাক সকলোৱে একমুখে প্ৰশংসা কৰিছে৷ আনহাতে পঞ্চায়তখনৰ এনে পদক্ষেপ যাতে ক্ষন্তেকীয়া চমক নহৈ ধাৰাবাহিকভাৱে অব্যাহত থাকে তাৰ ওপৰতো দৃষ্টি ৰাখিছে ৰাইজে। ইয়াৰ লগতে চৰ্ত তথা নিৰ্দেশসমূহ অতিশীঘ্ৰে কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈকো পঞ্চায়তক আহ্বান জনাইছে স্থানীয় সচেতন মহলে৷