newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মণিষ সিসোডিয়া, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে ৰাজভৱনত ধৰ্ণ কাৰ্যসূচী পালন কৰাৰ ৭ দিন অতিক্ৰম কৰিলে৷ দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যদা দিয়া, উচ্চ পদস্থ বিষয়াৰ অঘোষিত কৰ্মবিৰতি পৰিহাৰ কৰা, ৰাজহুৱা যোগান ব্যৱস্থাৰ সামগ্ৰী গৰীৱক ঘৰে ঘৰে যোগান ধৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি, বিনামূলীয়া ইণ্টাৰনেত সেৱা আৰম্ভ কৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি আদি বিষয়ক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ আৰু আন আন বিধায়কে উপ-ৰাজ্যপালৰ কাৰ্যালয়ত ধৰ্ণাত বহে৷ ধৰ্ণাই ৭ দিনত ভৰি দিলে৷ 

শনিবাৰে দেশৰ ৪গৰাকী প্ৰভাৱশালী মুখ্যমন্ত্ৰীয়ে দিল্লীত উপস্থিতি হৈ গণতন্ত্ৰ ৰক্ষাৰ বাবে অৰবিন্দ কেজৰিৱালক সমৰ্থন কৰে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডু, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হৈ পত্নীৰ সৈতে বহু সময় আলোচনাত মিলিত হয়৷

তাৰ মাজতে দেওবাৰে আম আদমি পাৰ্টিয়ে আন্দোলন ঘোষণা কৰে৷ দিল্লীৰ ৰাইজক আম আদমি পাৰ্টিয়ে জনোৱা সহাৰিক সমৰ্থ জনাই পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ একত্ৰিত হয়৷ প্ৰথমে আম আদমি পাৰ্টিৰ হাজাৰ হাজাৰ সমৰ্থক দিল্লীৰ মন্দি হাউচলৈ ৰেলী উলিয়াই৷ মন্দি হাউচৰ পৰা সংসদ মাৰ্গলৈ ৰাওনা হয় যদিও আৰক্ষীয়ে কোনো কাৰণত সংসদ মাৰ্গৰ পৰা আগলৈ যাব নিদিয়াৰ কথা স্পষ্ট কৰে৷ আনহাতে প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে৷   

আম আদমি পাৰ্টিৰ হাজাৰ হাজাৰ সমৰ্থকে প্ৰধানমন্ত্ৰীৰ আবাসলৈ যোৱাৰ চেষ্টা কৰিব পাৰে বুলি চৰ্চা হৈছে৷ আৰক্ষীৰ বাধাক অমান্য কৰি প্ৰতিবাদকাৰীয়ে আগবাঢ়িলে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি ইতিমধ্যে স্পষ্ট কৰিছে দিল্লী আৰক্ষীয়ে৷ মোডী তেৰী তানাশাহী ন্যেহী চ্যলেগী, এলজি কৌ জানা হৌগা, দিল্লী চে বদলা লেনা বন্দ কৰৌ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

দিল্লীৰ শিক্ষক সংঘ আৰু কেইবাটাও চাফাই কৰ্মীৰ সংগঠনে আন্দোলনক সমৰ্থন কৰে৷ আনহাতে পুৱাৰে পৰা বিভিন্ন জনে সংবাদ মাধ্যম যোগে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ বিজেপি নেতা চুব্ৰমণিয়াম স্বামী, মিণাক্ষী লেখী, বিজয় গোৱেল, কংগ্ৰেছ নেত্ৰী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষীত, বিজেন্দৰ গুপ্তাই আম আদমি পাৰ্টিক তীব্ৰ আক্ৰমণ কৰে৷ শীলা দিক্ষীতে অৰবিন্দ কেজৰিৱালৰ কাম কাজক লৈ প্ৰশ্ন উত্থাপন কৰে লগতে বিজেপি নেতা চুব্ৰমণিয়াম স্বামীয়ে অৰবিন্দ কেজৰিৱালক নক্সাল আখ্যা দিয়ে৷ 

ইপিনে একাংশ লোকে দেশৰ দ্বিতীয়গৰাকী নায়ক সঁজাই অৰবিন্দ কেজৰিৱালক৷ বেনাৰ প্ৰদৰ্শন কৰি ১ নং নায়ক অনিল কাপুৰ আৰু দ্বিতীয়গৰাকী নায়ক অৰবিন্দ কেজৰিৱাল বুলি প্ৰদৰ্শন কৰে৷ দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰ আৰু দিল্লীৰ উপ-ৰাজ্যপালৰ মাজত যুদ্ধ বৰ্তমানেও অব্যাহত আছে আৰু যোৱা ৭ দিনধৰি দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মণিষ সিসোডিয়া, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে ৰাজভৱনত ধৰ্ণ কাৰ্যসূচী পালন কৰি আহিছে৷