শিশুৰ মানসিক উৎকৰ্ষ সাধনত সহায় হব৷
গণিত বিষয়ৰ জটিলতা আতৰিব৷

গুৱাহাটী,১৬ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ নুনমাটিৰ এ.ভি.এম. মহাবিদ্যালয়ত আজি ‘হিউমেন কেলকুলেটৰ ইউজিং এবাকাছৰ’ এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়।বৃহত্তৰ নুনমাটি অঞ্চলৰ শিশুসকলৰ মানসিক বিকাশত সহায় কৰাৰ উদ্দেশ্যে স্থাপন কৰা কেন্দ্ৰটিত প্ৰতি শণি আৰু দেওবাৰে এবাকাছৰ বিশেষ প্ৰশিক্ষণৰ দিহা কৰা হৈছে। ৫ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে স্থাপন কৰা কেন্দ্ৰটিত স্প’কেন ইংলিছৰ বিশেষ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত সদৌ অসম ব্যক্তিগত বিদ্যালয় সন্থাৰ সম্পাদক আব্দুল আজিজ চৌধুৰী,হিউমেন কেলকুলেটৰ ইউজিং এবাকাছৰ সঞ্চালক জিতু ডেকাকে ধৰি বহুসংখ্যক আগ্ৰহী লোক উপস্থিত থাকে। এবাকাছ তথা স্প’কেন ইংলিছৰ পাঠ্যক্ৰমৰ বাবে আগ্ৰহীসকলে ৭০০২০৪৪৬৪৭/৮৪৮৬১৯৬০০২ নম্বৰত অথবা এ ভি এম মহাবিদ্যালয়ৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে৷