কোকিলাঃ নামনি অসমৰ এখন গাঁৱৰ নাম আবাদী৷ আবাদী গাঁৱত বিদ্যুৎ আছে কিন্তু পোহৰ নাই৷ বঙাইগাঁও জিলাৰ বিজনী বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত কোকিলাৰ সমীপৰ আবাদী গাঁৱত তিনি মাহ আগলৈ বিদ্যুতৰ পোহৰ আছিল যদিও ট্ৰেন্সফৰমাৰ বিকল হোৱাৰ বাবে তিনিমাহ ধৰি এন্ধাৰত থাকিব লগা হৈছে গাঁওখন৷

বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ট্ৰেন্সফৰমাৰৰ বাবে বহুবাৰ আবেদন কৰি ফল নধৰাত আজি খঙত অগ্নিশৰ্মা হৈ পৰে গাঁওখনৰ লোকসকল৷

নতুন ট্ৰেন্সফৰমাৰ দিয়াৰ প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষোভিত ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰে৷ মাণিকপুৰ তিনিআলিত থকা বিদ্যুৎ বিল সংগ্ৰহ কেন্দ্ৰত দুই শতাধিক পুৰুষ মহিলা উপস্থিত হৈ প্ৰতিবাদ কৰিয়ে ক্ষান্ত নাথাকি কাৰ্যালয়টো লণ্ড-ভণ্ড কৰে।

পিছত মাণিকপুৰৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষোভিত লোকসকলক বুজনি দিয়াতহে পৰিস্থিতি ক্ষান্ত হয়।