ডিজিটেল ৰিপ'ৰ্টঃ কৃত্ৰিম বানে কাল ৰূপ ধাৰণ কৰিছে মহানগৰীত। দিনদিয়েক পূৰ্বে হৈ যোৱা বানত ৭ জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ পিছত বৃহস্পতিবাৰে পুনৰ প্ৰাণ হেৰুৱালৈ আন এজন লোকে। 

প্ৰাপ্ত বাতৰি মতে, নিশাৰ এজাক বৰষুণতে জলমগ্ন হৈ পৰা জুৰোডেৰে নৈশ দায়িত্ব সমাপন কৰি কৰ্মস্থলীৰ পৰা গৃহ অভিমুখে গৈ আছিল দুলাল মালাকাৰ নামৰ যুৱকজন। সেই সময়তে দুৰ্গম হৈ পৰা সুগম পথত পানীৰ তলত পৰি থকা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাৰত লাগি থিতাতে মৃত্যুক সাৱতি লয় দুৰ্ভগীয়া যুৱকজনে।

নিহত দুলালৰ ঘৰ কামৰূপ গ্ৰাম্য জিলাৰ ডিমুৰ সমীপৱৰ্তী বাহাৰঘাটত বুলি জানিব পৰা গৈছে। মাত্ৰ ৬ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল যুৱকজন। জুৰোডস্থিত কে এফ চিৰ কৰ্মচাৰী আছিল দুলাল। মৃত্যুৰ সময়ত কে এফ চিৰ পোছাক পিন্ধি আছিল দুলালে।

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এনেদৰে আকৌ এজন লোকে কৃত্ৰিম বানত প্ৰাণ হেৰুৱাবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে মহানগৰবাসী। ক্ষুব্ধ ৰাইজে মৃতদেহ উদ্ধাৰ কৰিবলৈ অহা আৰক্ষীক বাধা প্ৰদান কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে কিছুদিন পূৰ্বে জুৰোডতে উন্মুক্ত বিদ্যুৎ পৰিবাহী তাৰৰ বাবে কৃত্ৰিম বানত প্ৰাণ হেৰুৱাইছিল পুষাণ কলিতা নামৰ এজন ছাত্ৰ আৰু ছাত্ৰজনক বচাবলৈ যোৱা আনোৱাৰ হুছেইন নামৰ এজন লোকে। 

ইফালে নিশাৰ এজাক বৰষুণতে প্লাৱিত হৈ পৰিছে মহানগৰীৰ প্ৰায় প্ৰতিটো পথ-উপপথ। পৰিৱৰ্তনৰ সপোন দেখুৱাই গাদীত বহা বিজেপি চৰকাৰে এবছৰ পাৰ কৰাৰ পিছতো কৃত্ৰিম বান পৰিস্থিতিৰ কোনো উন্নতি নঘটাত অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী মহানগৰবাসীয়ে।

পুষাণ আৰু আনোৱাৰৰ পৰিয়াললৈ ৪ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰাৰ দৰে আজি মৃত্যুক সাৱতি লোৱা সদ্যবিবাহিত দুলালৰ পৰিয়াললৈও ৪ লাখ টকাৰ ক্ষতিপূৰণ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যদিও তাক সহজভাৱে ল’ব পৰা নাই কোনেও।

'ক্ষতিপূৰণ দিলে কি হ’ব? আজিলৈকে ৮ জন মৰিল। এনেকৈয়ে মানুহ মৰিয়েই থাকিব লাগিব নেকি? আজি দুলাল, পুষাণ, আনোৱাৰ মৰিল। কাইলৈ হয়তো ময়ো মৰিব পাৰো, মৰিব পাৰে আত্মীয়। গোটেই মহানগৰীৰ মানুহবোৰ মৰি শেষ হোৱালৈ চৰকাৰে বাট চাই আছে নেকি? এয়াই নেকি পৰিৱৰ্তন? যদি পৰিৱৰ্তন আনিবই নোৱাৰে তেন্তে মিছা শ্ল’গান দিয়াৰ যুক্তিয়েই বা ক’ত?’-নিউজ নেক্সট ৱানৰ আগত এইদৰে ক্ষোভ উজাৰে জুৰোডৰ এজন ব্যৱসায়ীয়ে।

আনহাতে পৰিস্থিতি উত্তপ্ত হোৱাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক মহন্তসহ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ এটি দল। এ ডি চি মহন্তই ইয়াৰ বাবে বিদ্যুৎ যোগান ধৰা সংশ্লিষ্ট সংস্থাটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও সাংবাদিকৰ আগত সদৰী কৰে।