newsnextone.com | ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধোৱাৰ সময়তে একাংশ লোকে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ সপক্ষেও মত প্ৰকাশ কৰি আহিছে৷ গাড়ী কিনিবলৈ লাখ লাখ টকা খৰছ কৰিব পাৰে কিন্তু ৮০ টকা দৰত পেট্ৰল কিনি গাড়ী চলাব নোৱাৰে বুলি কোৱা পৰিলক্ষিত হৈছে একাংশ লোকে৷ আন একাশই কয় যে যেনেদৰে চিঞৰ বাখৰ কৰিছে মানুহে যেন পেট্ৰল খাইহে জীয়াই থাকে বুলি পেট্ৰল মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত প্ৰতিবাদ কৰা সকলক উভতি ধৰে৷ 

মুঠৰ ওপৰত চৰকাৰৰ সমৰ্থকসকলৰ মতে পেট্ৰলৰ মূল্যবৃদ্ধি হোৱাটো ভালেই৷ কিন্তু দেশৰ জনসাধৰণে সামগ্ৰীৰ আকাশলংক্ষী মূল্যবৃদ্ধি হ’বৰ বাবে বিজেপিক দলক ভোট দিছিল নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে৷ যিসকল লোকে চৰকাৰৰ মন্ত্ৰী-বিধায়কক তৈলমৰ্দন কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোকৰ মতে মূল্যবৃদ্ধি ভালেই৷ কাৰণ চৰকাৰক সমৰ্থন কৰাটো তেওঁলোকৰ বাবে হৈ পৰিছে এক উন্নত ব্যৱসায়৷

কিন্তু দেশৰ জনগণে এতিয়া হাহাকাৰ কৰিব লগা হৈছে সেই কথাও সঁচা৷ অচ্ছে দিনৰ শ্ল’গান দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ কাৰ্যকালত পেট্ৰলৰ অত্যাধিক মূল্যবৃদ্ধি হোৱাত সাধাৰণ লোকে মূৰে কপালে হাত দিব লগা হৈছে৷ বিগত চাৰি বছৰত বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ দিনত পেট্ৰল-ডিজেলৰ মূল্য সৰ্বাধিক হৈছে। সকলো সামগ্ৰীৰ দাম বৃদ্ধি কৰি এক নতুন ইতিহাস সৃষ্টি কৰি মাধমাৰ শোধাইছে ৰাইজক৷ খেতিয়ক, সাধাৰণ উদ্যোগ চলোৱা লোক, সাধাৰণ ব্যৱসায়ীয়ে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত একপ্ৰকাৰ কোঙা হৈ পৰিছে৷

যাৰ ফলত অচ্ছে দিনৰ পৰিৱৰ্তে দেশলৈ মূল্য বৃদ্ধিৰ দিনহে আহিছে বুলি মানুহে চৰকাৰক কটাক্ষ কৰে৷ ফলত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে দেশবাসীয়ে৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বুধবাৰে আছুৱে সমগ্ৰ ৰাজ্যজুৰি পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত সৰ্বকালৰ অভিলেখ ভংগ কৰি দেশৰ জনতাক প্ৰচণ্ড মাধমাৰ শোধাই ধাৰাবাহিক পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাত দেশৰ সাধাৰণ জনগণে হাহাকাৰ কৰিব লগা হয়৷

তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুৰণি টুইট এটিয়ে ব্যাপক চৰ্চা লাভ কৰিছে৷ মনমোহন সিঙ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ২০১২ চনত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি ইউপিএ চৰকাৰক উভতি ধৰি আক্ৰমণ কৰিছিল৷ সেই সময়ত পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাত নৰেন্দ্ৰ মোডীয়ে টুইট কৰি কয় ‘‘পেট্ৰলৰ মূল্যবৃদ্ধিয়ে ইউপিএ শাসনকালত কংগ্ৰেছ চৰকাৰৰ বিফল হোৱাৰ এটি জীয়া উদাহৰণ৷ ইয়াৰ দ্বাৰা গুজৰাটত হাজাৰ কোটিৰ বোজা পৰিব৷’’