বিশেষ প্ৰতিনিধিঃ সদৌ তিৱা ছাত্র সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত, সদৌ তিৱা মহিলা সন্থা আৰু তিৱা মাথনলাই তখ্ৰাৰ সহযোগত যোৱা দেওবাৰে জিলাখনৰ অতি ভিতৰুৱা অঞ্চল ওমচুৱাইত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্র-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

জিলা খনৰ এই ভিতৰুৱা অঞ্চলটোৰপৰা এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক এটাকৈ গছ পুলি আৰু এখন তিৱা ফালিৰে সম্বৰ্ধনা জনোৱা হয়। সদৌ তিৱা ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আৰু অধিক আগুৱাই যাবৰ বাবে অনুপ্ৰেৰণা দিবলৈ বিগত কেইবা বছৰ ধৰি এই পদক্ষেপ হাতত লৈ আহিছে।

এই বৰ্ষত মুঠ ৭০ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।  সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট মননশীল গৱেষক, সাহিত্যিক ভাস্কৰ বৰদলৈ, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ অমিয়া পাটৰ, সদৌ তিৱা ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিবন আমছিকে আদিকৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই সম্বৰ্ধনা অনুস্থানত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ জৰিয়তে ভৱিষ্যত জীৱনত কেনেকৈ এজন সুস্থ নাগৰিক হৈ প্ৰতিস্থিত হ’ব পাৰি তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।