গুৱাহাটীঃ অগপৰ সভাপতি অতুল বৰাই নিজৰ কৃষি বিভাগত সংঘটিত হোৱা ট্ৰেক্টৰ বিতৰণ আৰু চৰকাৰী বীজ বিতৰণৰ কেলেংকাৰীৰপৰা নিজকে ৰক্ষা কৰাৰ বাবে বিজেপিৰ ওচৰত বন্ধকত ৰাখিছে অগপ দলক। লগতে কেশৱ মহন্ত জলসম্পদ বিভাগত ভাতৃ কৃষ্ণ মহন্তই মথাউৰিৰ নিৰ্মানৰ নামত সংঘটিত কৰা ব্যাপক দুৰ্নীতিৰ ঢাকিবৰ বাবে যোৱা লোকসভাৰ নিৰ্বাচনত দলৰ ৯৫% শতাংশ কাৰ্যনিৰ্বাহক সদস্যই বিজেপিৰে নিৰ্বাচনী মিত্ৰতা বিৰোধিতা কৰাৰ পাছতো অতুল বৰা আৰু কেশৱ মহন্তই মিত্ৰতা কৰিলে।
এই গুৰুত্বৰ অভিযোগ অগপৰ পদত্যাগী কেন্দ্ৰীয় আইন উপদেষ্টা হেমেন বৰাৰ। শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত আইন উপদেষ্টা গৰাকীয়ে এক সংবাদ মেল সম্বোধন কৰি অগপ দলৰ সভাপতি অতুল বৰাই যোৱা ৮ মে' তাৰিখৰ দিনা তেজপুৰত দলৰ প্ৰতিস্থাপন সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বিজেপিৰে মিত্ৰতা বিৰোধিতাৰ কৰাৰ বাবে যি ভাবুকি প্ৰদান কৰিছিল তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। লগতে কয় অতুল বৰাই সংবাদ মাধ্যমৰ আগত বিজেপিৰে মিত্ৰতা সন্দৰ্ভত যি দলৰ সামূহিক সিদ্ধান্ত বুলি উল্লেখ কৰিছিল সেই কথা কটাক্ষ কৰি প্ৰাক্তন আইন উপদেষ্টা গৰাকীয়ে কয় যে সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই কেৱল নিজৰ স্বাৰ্থৰ বাবেহে মিত্ৰতা কৰিছে। আনহে নালাগে লোকসভাৰ নিৰ্বাচনৰ বাবে যোৱা ২০ ফেব্ৰুৱাৰীত দলৰ মুখ্যকাৰ্যলয়ত যি কাৰ্যনিৰ্বাহক সভা অনুস্থিত হৈছিল সেই সভাত কাৰ্যনিৰ্বাহক সদস্য সকলে 'কেব' বিৰোধী যিকোনো দলৰ লগতে প্ৰয়োজনত মিত্ৰতা হ’ব পাৰে। কিন্তু বিজেপিৰ লগত কোনো কাৰণতে মিত্ৰতা হ’ব নোৱাৰে বুলি কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তাৱনাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু কেশৱ মহন্ত আৰু অতুল বৰাই ধনবল আৰু বাহুবল বাবে দলৰ উদ্ধত গৈ বিজেপিৰ লগত মিত্ৰতা কৰিছে।
ইয়াৰ উপৰিও বৰাই কয় যে অতুল বৰা আৰু কেশৱ মহন্তৰ মিত্ৰতাক অন্যান্য জিলা সমিতি সমূহৰ লগতে যোৰহাট জিলা সমিতিয়েও বিৰোধিতা কৰিছিল। কিন্তু কোনো জিলা সমিতি কথা নুশুনিলে তেওঁলোকে। ফলত মিত্ৰতা কৰাৰ পাছতে যোৰহাট জিলাৰ নিষ্ঠাবান কর্মীসকলে যোৰহাট জিলা অগপ কাৰ্যলয় তলা লগাই দিয়াৰ লগতে তাত থকা নেতৃত্বৰ ফটো আৰু কিছু আচবাব জ্বলাই দিছিল। যোৰহাট জিলাত আজি মিত্ৰতাৰ বাবে দুই-এজন শিক্ষিত ব্যক্তি বাহিৰে বাকী সকলো শিক্ষিত আৰু নিষ্ঠাবান কর্মীয়ে আজি মিত্ৰতাক বিৰোধিতা কৰি অতুল বৰা আৰু কেশৱ মহন্তৰ বিপক্ষত অৱস্থান গ্ৰহণ কৰিছে।
ইফালে দলটোৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দলৰপৰা ক্ষমতাচ্যুত কৰাৰ বাবে অতুল বৰা আৰু কেশৱ মহন্তই কাম কৰিছে। উক্ত সংবাদ মেলতে দলটোৰ বহিষ্কৃত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হৰেশ ভূঞাই কয়,‘‘ অতুল বৰা আৰু কেশৱ মহন্তই লোকসভাৰ নিৰ্বাচনৰ মিত্ৰতাৰ বাবে যি দলটোৰ ৯ জনীয়া নিৰ্বাচনী ৰণকৌশল কমিটিৰ গঠন কৰিছিল তাৰ সদস্য সকল দলটোৰ নিষ্ঠাবান সদস্য নহয়। কেশৱ মহন্ত আৰু অতুল বৰা নিজৰ মানুহক লৈ গঠন কৰা হৈছিল কমিটিখন। আনহে নালাগে সমিতিখনত প্ৰফুল্ল কুমাৰ মহন্তৰ নাম ৰাইজক দেখুৱাই ৰখা হৈছিল যদিও অনুষ্ঠানিকভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সেই কথা জনোৱা হোৱা নাছিল। ফলত সেই ৰণকৌশল সমিতি বৈঠকত উপস্থিত থকা নাছিল প্ৰফুল্ল কুমাৰ মহন্ত।’’
ইয়াৰ উপৰিও সংবাদ মেলত হেমেন বৰাই কয় যে এদিন যিজন হিমন্ত বিশ্ব শৰ্মাই অগপ কাৰ্যলয়টোক ভৱিষ্যত দিনত বিবাহ ভৱন হ’ব বুলি ইতিকিং কৰিছিল সেই একেজন হিমন্ত বিশ্ব শৰ্মাক আমবাৰীলৈ আনি মিঠাই খোৱাই ফটো উঠাটো সহজে গ্ৰহণ নকৰে তৃণমূল পয্যায়ৰ নিষ্ঠাৱান কর্মী সকলে। লগতে এইবাৰ লোকসভাৰ নিৰ্বাচনত তিনিখন আসনৰ এখনটো দলটোৰ জয়ী হব নোৱাৰে বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰে। আনহাতে দলটোক শক্তিশালি ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে কেশৱ মহন্ত,অতুল বৰা বিজেপিত যোগদান কৰিলে ভাল পাম বুলি উল্লেখ কৰি কয় অগপ দলটোৰ নাগপুৰ আৰু হেঙেৰাবাৰীপৰা পৰিচালনা নহৈ আমবাৰীৰপৰা পৰিচালনা হব লাগে বুলি দাবী কৰে। মন্ত্ৰীত্ব ত্যাগ কৰি ফণীভুষণ চৌধুৰীয়ে মানুহক দেখুৱাই কান্দিছিল কিন্তু অতুল বৰা আৰু কেশৱ মহন্তই লোভনীয় পদত থাকি মানুহক দেখুৱাই কান্দিব নোৱাৰি ফেকুৰিচিল। লগতে তেওঁ কয় যে অতুল বৰা আৰু কেশৱ মহন্তই মন্ত্ৰীত্ব ত্যাগ কৰিছিল কিন্তু ত্যাগ কৰা নাছিল মন্ত্ৰীত্বৰ বাহন।