newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰ্মীৰ নতুন শাখা ‘মহাকাশ সেনা’ নিৰ্মাণ কৰাৰ বিষয়ে ঘোষণা কৰিছে৷ তেওঁ সোমবাৰে কয় যে মহাকাশত আমেৰিকাৰ কেৱল উপস্থিতি হ’লেই নহয়, তাত তেওঁলোকৰ ৰাজত্বও চলিব লাগিব৷ 

তেওঁ ঘোষণা কৰি কয়, ‘মই সুৰক্ষা বিভাগ আৰু পেন্টাগনক আৰ্মী ফ’ৰ্চৰ ষষ্ঠতম শাখা মহাকাশত স্থাপিত কৰাৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছো৷’

ট্ৰাম্পে কয় যে, চীন অথৱা ৰুছৰ দ্বাৰা মহাকাশৰ নেতৃত্ব দিয়া স্বীকাৰ কৰি ল’ব নোৱাৰি৷ আনহাতে স্পেছ ট্ৰাফিক মেনেজমেন্টৰ পৰিচালনা পদ্ধতি নিৰ্মাণ কৰিবলৈও তেওঁ ফেডাৰেল এজেন্সিসমূহক নিৰ্দেশ দিব বুলিও মন্তব্য কৰে৷ ট্ৰাম্পে মহাকাশ সেনাৰ গঠন সন্দৰ্ভত মন্তব্য কৰি কয় যে এয়া বায়ু সেনাৰ দৰেই হ’ব যদিও তাৰ কৰ্ম পদ্ধতি বায়ু সেনাতকৈ পৃথক হ’ব৷

ট্ৰাম্পে পুনৰ কয়, ‘এইবাৰ আমি মহাকাশত কেৱল নিজৰ উপস্থিতি প্ৰদৰ্শন কৰাতে থমকি নৰওঁ, তাত আমি এক দীঘলীয়া সময়ৰ বাবে আমাৰ উপস্থিতি সুনিশ্চিত কৰাৰ লগতে আমাৰ অৰ্থৱ্যৱস্থাও উন্মুক্ত কৰিম যাতে পিছত মঙল অভিযানৰ সময়ত আমাৰ বাবে সহায়ক হয়৷’