India Today
India Today

ডিজিটেল ডেস্কঃ অৱশেষত বিজেপি এৰিবলৈ বাধ্য হ’ল প্ৰভাৱশালী নেতা বিজেপিৰ নেতা সুৰজ পল অমুই৷ প্ৰায় পদ্মাৱত বোলছবি চিত্ৰগ্ৰহণ হৈ থকা সময়ত অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য ৫ কোটি টকা ঘোষণা কৰিছিল হাৰিয়ানাৰ এগৰাকী যুৱকে৷ 

তাৰ পিছত বিজেপিৰ নেতা সুৰজ পল অমুই অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য দুগুণ কৰি ১০ কোটি টকালৈ বৃদ্ধি কৰে৷ যিয়ে তেওলোকৰ মুৰ-নাক কাটি আনিব তেওলোকক ১০ কোটি দিম বুলি ঘোষণা কৰিছিল৷ তাৰ পিছৰে পৰা বিতৰ্কত সোমাই পৰিছিল বিজেপিৰ প্ৰভাৱশালী নেতাগৰাকী৷

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ মতে বিজেপিৰ প্ৰাথমিক সদস্যপদ এৰিলে বিতৰ্কিত বিজেপি নেতা সুৰজ পাল অমুই৷ বুধবাৰে তেও দলৰ পৰা পদত্যাগ কৰে৷ উল্লেখ্য, পদ্মাৱত বোলছবিক লৈ বিতৰ্কিত মন্তব্যৰ আগবঢাই দেশ বাসীৰ নজৰত আহে অমু৷ পদ্মাৱতৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালী, পদ্মাৱত ছবিত মুখ্য ভূমিকাত অভিনেত্ৰী দীপিকা পাডুকনৰ মুৰৰ দাম ঘোষণা কৰি বিতৰ্কৰ সুচনা কৰিছিল বিজেপিৰ নেতাজনে৷

 

তেওঁৰ অভিযোগ ইতিহাস বিকৃত কৰি এই ছবিত ৰাজপুত ৰাণীৰ চৰিত্ৰক ভুলকৈ প্ৰদৰ্শন কৰা হৈছে৷ সুৰজ পাল অমু ৰাজপুত কাৰণী সেনাৰ সম্পাদক৷ ইফালে, পদ্মাৱতক লৈ বিভিন্ন স্থানত হিংসাত্মক কাৰ্যকলাপ বিয়পোৱাৰ অভিযোগত ২৫ জানুৱাৰিত আৰক্ষীয়ে আটক কৰিছিল অমুক৷ পাঁচ দিন পিছত তেওঁ জামিন লাভ কৰে আৰু বিজেপিৰ ত্যাগ কৰে৷ বিজেপিয়ে তেওৰ কামক পচন্দ নকৰেৱ বুলিও কয় অমুই।

উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰ অভিযোগ উত্থাপন হৈছিল কৰণী সেনাৰ বিৰুদ্ধে৷ হিংসাত উচটনি দিয়াৰ লগতে ছবি খন মুক্তিৰ পূৰ্বে পদ্মাৱতৰ প্ৰদৰ্শন বন্ধ নকৰিলে দেশ জ্বলিব বুলি কৈছিল কৰণী সেনাই৷ ২৫ জানুৱাৰীত সমগ্ৰ দেশতে মুক্তি লাভ কৰা বহু বিতৰ্কিত ছবি পদ্মাৱত নিষিদ্ধ কৰাৰ দাবীত ৰাজপুত সংগঠন কৰণী সেনাই দেশ জ্বলিব বুলি ভাবুকি দিছিল৷ কৰণী সেনাৰ নেতা সুৰজ পল অমু আৰু লোকেন্দ্ৰ সিং কালভিয়ে এই ভাবুকি প্ৰদান কৰিছিল৷ 

কোনেও কৰণী সেনাৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰিব বুলি কৈছিল৷ প্ৰতিবাদ আন্দোলন চলিবই৷ উল্লেখ্য যে, কৰণী সেনাই হাৰিয়ানাৰ গুড়গাঁৱত স্কুল বাছত আক্ৰমণ কৰে৷ কৰণী সেনাৰ বিৰুদ্ধে আদালত অৱমাননা কৰাৰ পিটিচন দাখিল কৰা হৈছে৷ আদালতেও শুনানীৰ বাবে সন্মত হয়৷ আদালতে পদ্মাৱত বোলছবিক সমগ্ৰ দেশত মুক্তি দিয়াৰ নিৰ্দেশ দিছিল যদিও কৰণী সেনাই ছবিখন নিষিদ্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ ইমানে হিংসাৰ আশ্ৰয় লয় ৰাজপুত সংগঠনটোৱে৷

ছবি খন মুক্তি পোৱাৰ দিনটোতে পুৱাই বিহাৰ, গুজৰাট আদি ৰাজ্যত গাড়ীত অগ্নিসংযোগ কৰে সংগঠনটোৱে৷ চিনেমা হ’ল, মাল্টিপ্লেক্স ভাঙি চূৰমাৰ কৰে৷ যাৰ ফলত প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিব লগা হয়৷ এই ছবি খনে ইতিহাস বিকৃত কৰাৰ লগতে ১৬ শতিকাত চুফী কবিয়ে লিখা কবিতাক পদ্মাৱতীৰ জীৱনত বৰ্ণিত হৈছে বুলি অভিযোগ উত্থাপন কৰি বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰে৷

ৰাণী পদ্মাৱতীৰ আলাউদ্দীন খিলজীৰ সৈতে প্ৰেমৰ সম্পৰ্ক দেখুওৱা হৈছে বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ ২৫ জানুৱাৰীত দেশৰ বিভিন্ন চিনেমা ঘৰলৈ আহিল সঞ্চয় লীলা ভাঞ্চালীৰ বহু বিতৰ্কিত বোলছবি ‘পদ্মাৱত’৷ কেইখনমান ৰাজ্যৰ বাহিৰে দেশৰ ছবিঘৰ, মাল্টিপ্লেক্সত পুৱাৰে পৰা দৰ্শকেৰে ভৰি পৰা দেখা গৈছে পদ্মাৱত চাবলৈ ৷ সমালোচকে ভাল ব্যৱসায় কৰিব বুলিও মত প্ৰকাশ কৰিছে৷ বিজেপি শাসিত ৰাজ্যত পদ্মাৱত নিষিদ্ধ কৰাৰ লগতে ছবিঘৰ ভাঙি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল বিজেপি বিধায়ককে ধৰি একাংশ লোকে৷

তাৰ পিছতো ছবিখন ব্যাপক সমাদৰ লাভ কৰা দেখা যায়৷ আনহাতে দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক হিংসা হোৱাও দেখা গৈছিল৷ ৰাজস্থান, হাৰিয়ানা, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ সহ কেইবাখনো ৰাজ্যত একাংশ লোকে পুৱাই ৰাজ পথলৈ ওলাই আহি ছবিখন বন্ধ কৰাৰ দাবীত ব্যাপক হিংসাৰ আশ্ৰয় লয়৷ বহু গাড়ী জ্বলাই দিয়াৰ লগতে এখন স্কুল বাছত ব্যৱসায় প্ৰতিষ্ঠান আদিত আক্ৰমণ কৰিছিল৷

আনহাতে ৰাজস্থান, বিহাৰ, গুজৰাট, মধ্যপ্ৰদেশ মাল্টিপ্লেক্স এচোচিয়েছনে ৭৫ শতাংশ চিনেমা হ’লত পদ্মাৱত মুক্তি লাভ কৰা নাই বুলি মত ব্যক্ত কৰিছে৷ ৪ ৰাজ্য চৰকাৰে ছবি খন নিষিদ্ধ কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে ছবি খন দেশৰ সকলো ছবি ঘৰতে মুক্তি প্ৰদৰ্শন কৰাৰ নিৰ্দেশ দিছিল৷ কেন্দ্ৰীয় মন্ত্ৰী বি কে সিঙে সকলোৰে কোৱাৰ অধিকাৰ আছে৷ তেওলোকৰ সৈতে আলোচনাত বহি সমস্যা সমাধান কৰিব পৰা যায়৷

আনহাতে দক্ষিণ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চল, পশ্চিম বংগত ছবি খন শান্তি পূৰ্ণ ভাৱে প্ৰদৰ্শন হয়৷ গুজৰাট-ৰাজস্থান, বিহাৰ, গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ প্ৰায় প্ৰদৰ্শন বন্ধ হয় ছবিখনৰ৷ আনহাতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, কংগ্ৰেছ নেতা দ্বিগীজয় সিং আৰু বলিউডৰ কেইবাগৰাকী অভিনেতা-পৰিচালকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্কুল বাছত আক্ৰমণ কৰা ঘটনাক গৰিহণা দিয়ে৷ কৰণী সেনাই গুড়গাঁৱৰ এখন স্কুল বাছত আক্ৰমণ কৰিছিল৷

উল্লেখ্য যে, চিনেমা হ’ল জ্বলাই, ভাঙি চূৰমাৰ কৰি হলেও পদ্মাৱত চিনেমাৰ প্ৰদৰ্শন বন্ধ কৰাৰ আহ্বান জনাইছিল দেশৰ সংবিধানৰ শপত খাই ৰাইজৰ ভোট লৈ বিধায়ক হোৱা এগৰাকী বিধায়কে৷ হায়দৰাবাদৰ বিজেপিৰ বিধায়ক ৰাজা সিঙে এই আহ্বান জনাইছিল৷ পদ্মাৱত নামৰ ছবিখন যাতে কোনো কাৰণত প্ৰদৰ্শন কৰিব নোৱাৰে তাৰ বাবে সেই কথা নিশ্চিত কৰাৰ বাবে সকলোকে আহ্বান জনাইছিল বিজেপিৰ বিধায়কগৰাকীয়ে৷

নিজৰ ফেচবুক পেজত ভিডিঅ’ লাইভ কৰি এই আহ্বান জনাইছিল বিধায়কগৰাকীয়ে৷ তেও কয় ‘‘পদ্মাৱত বন্ধ কৰাৰ বাবে আমি যিমান খিনি পাৰি কৰিছো৷ আমি প্ৰতিবাদ কৰাৰ বাবেই ৰাজ্য চৰকাৰে ছবিখন বন্ধ কৰিছে৷ কিন্তু ৰ্দুভাগ্যজনক ভাৱে উচ্চ ন্যায়ালয়ে সকলো ওলোটাই দিলে৷’’ তেও আৰু কয়, নাম সলনি কৰিলেই ইতিহাস সলনি হৈ নাযায়৷ সঞ্জয় লীলা ভাঞ্চালীয়ে কেৱল ছবিখনৰ নাম সলনি কৰি দিছে৷ কিন্তু কাহিনী একেই আছে৷ যিমান দূৰ সম্ভৱ ছবি খনৰ বিৰুদ্ধে প্ৰতিবাদ কৰক৷

প্ৰয়োজন হলে চিনেমা হ’লত অগ্নি সংযোগ কৰক৷ ভাঙি চূৰমাৰ কৰক৷ হায়দৰাবাদৰ বিধায়কগৰাকীয়ে এনে ধৰণৰ ছবি সমূহ বক্স অফিচত মুখ থেকেচা খালে এনে ধৰণৰ চিনেমা বনোৱা বন্ধ হ’ব বুলি কয়৷ আনহাতে হায়দৰাবাদৰ সকলো চিনেমা হ’ল কৰ্তৃপক্ষক চিঠি যোগে চিনেমা হলত পদ্মাৱত প্ৰদৰ্শন নকৰিবলৈ সতৰ্কও কৰি দিয়ে৷ নহলে ফল ভোগ কৰাৰ হুমকি দিয়ে ৰাজা সিঙে৷ বহু বিতৰ্কিত হিন্দী বোলছবি পদ্মাৱত নিষিদ্ধ কৰিবলৈ গৈ দুদিন পূৰ্বে মুখথেকেচা খাইছিল বিজেপি শাসিত চাৰি ৰাজ্যই৷

হাৰিয়ানা, গুজৰাট, মধ্য প্ৰদেশ আৰু ৰাজস্থান ৰাজ্য চৰকাৰে পদ্মাৱত বোলছবি খন নিষিদ্ধ কৰিছিল৷ উচ্চতম ন্যায়ালয়ে চাৰি ৰাজ্যৰ পৰা চৰকাৰৰ এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়ে৷ দেশৰ শীৰ্ষ আদালতে কয় য়ে, কোনো ৰাজ্যই বোলছবি নিষিদ্ধ কৰিব নোৱাৰে বুলি মন্তব্য দিয়ে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এ এম খানউলকাৰ আৰু ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূৰৰ বেঞ্চে৷ সংবিধানৰ ১৯ নং দফা অনুসৰি চিনেমা হ’ল, ছবি নিৰ্মাতাৰ বাক স্বাধীনতাৰ অংগ বুলি দোহাৰে শীৰ্ষ আদালতে৷

যাৰ বাবে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ পিটিচনৰ আৱেদন গ্ৰহণ কৰি ঐতিহাসিক ৰায় প্ৰদান কৰি চাৰি ৰাজ্যৰ পৰা পদ্মাৱতৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে শীৰ্ষ আদালতে৷ বোলছবি নিষিদ্ধ কৰাৰ ৰাজ্যৰ এক্তিয়াৰ আছে নে নাই ইয়াকে লৈ উচ্চতম ন্যায়ালয়ত প্ৰশ্ন উত্থাপন কৰিছিল পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে৷ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এখন নিৰ্দেশনাৰ কথা উল্লেখ কৰি এই প্ৰশ্ন উত্থাপন কৰিছিল পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে৷ আইন-শৃংখলা জনিত কাৰণত কোনো এটা এলেকাত এখন ছবি নিষিদ্ধ কৰিব পাৰে যদিও সম্পূৰ্ণ নিষিদ্ধ কৰিব নোৱাৰে বুলি কৈছিল উচ্চতম ন্যায়ালয়ে৷

কিয়নো পৰিচালক পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ পদ্মাৱত পুনৰ ৪ খন ৰাজ্যই নিষিদ্ধ ঘোষণা কৰিছল দীপিকা অভিনয় কৰা পদ্মাৱত ছবিখন৷ বিজেপি শাসিত ৰাজ্যত নিষিদ্ধ হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে সঞ্জয় লীলা ভাঞ্চালীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে৷ উচ্চতম ন্যায়ালয়ে শুনানীৰ বাবে সন্মত হৈ যোৱ বৃহস্পতিবাৰে উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বেঞ্চে শুনানী গ্ৰহণ কৰে৷ বিতৰ্কিত বোলছবি খন পদ্মাৱতী নামেৰে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে নিৰ্মাণ কৰিছিল যদিও বিতৰ্কৰ আৱৰ্তত সোমাই চেঞ্চৰবোৰ্ডে নাম সলনি কৰি পদ্মাৱত কৰে৷

২৫ জানুৱাৰীত মুক্তি পোৱাৰ কথা আছিল বোলছবি খন৷ নাম সলনি কৰাৰ লগতে বিভিন্ন দৃশ্য কাটি দিয়া হয় বোল ছবি খনৰ পৰা৷ ছবি খন হাৰিয়ানা, গুজৰাট, মধ্য প্ৰদেশ আৰু ৰাজস্থানত নিষিদ্ধ কৰা হয়৷ উচ্চতম ন্যায়ালয়ত দাখিল কৰা পিটিচনত পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে চেঞ্চৰ বোৰ্ডৰ পৰামৰ্শ মতে ছবি খনৰ বহু সাল-সলনি কৰা বুলি কয়৷ আনকি নাম সলনি কৰাৰ পিছতো কি কৰাণত ছবি খন মুক্তি দিয়া নহ’ব তাক লৈ প্ৰশ্ন কৰে৷ ৩০ ডিচেম্বৰত ইউ-এ চাৰ্টিফিকেট পৰ্যন্ত প্ৰদান কৰিছিল চেঞ্চৰবোৰ্ডে৷ 

বিতৰ্কই লগ এৰা নাই পদ্মাৱতীক৷ প্ৰথমে মুখ্য অভিনেত্ৰী দীপিকাক টুইটাৰ যোগে বিৰোধ তাৰ পিছত পদ্মাৱতী তথা অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য ৫ কোটি টকা ঘোষণা কৰিছিল হাৰিয়ানাৰ এগৰাকী যুৱকে৷ তাৰ পিছত বিজেপিৰ নেতা সুৰজ পল অমুই অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য দুগুণ কৰি ১০ কোটি টকালৈ বৃদ্ধি কৰে৷ যিয়ে তেওলোকৰ মুৰ-নাক কাটি আনিব তেওলোকক ১০ কোটি দিম বুলি ঘোষণা কৰিছিল যদিও অমুই অৱশেষত বিজেপিত এলাগী হৈ দল ত্যাগ কৰা বুলি অভিযোগ উঠিছে৷