ডিজিটেল ডেস্কঃ গান্ধীবাদী নেতা সমাজকৰ্মী আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী অনিশ্চিতকালীন আন্দোলনে ছয় দিনত ভৰি দিলে৷ দেশৰ দৰিদ্ৰ কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান তথা লোকপাল বিধেয়ক গৃহীত কৰাৰ দাবী জনাই দিল্লীৰ ৰামলীলা মৈদানত হাজাৰে আন্দোলন চলাই আহিছে৷ কিন্তু হাজাৰে যি সমূহ সমস্যা পূৰণক লৈ আন্দোলন অব্যাহত ৰাখিছে, সেই সমস্যা পূৰণৰ নিশ্চিতি প্ৰদান কৰা নাই চৰকাৰে৷

সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী হিচাপে মহাৰাষ্ট্ৰৰ জলসিঞ্চন মন্ত্ৰী গিৰীশ মহাজনে আশ্বাস প্ৰদান কৰিছিল যে, মংগলবাৰে আন্না হাজাৰেৰ অনিৰ্দিষ্টকালীন আন্দোলন অৱসান ঘটোৱা হ’ব৷ কিন্তু মংগলবাৰে সন্ধিয়া হাজাৰেৰ সৈতে মহাজনে মিলিত হোৱাৰ পাছত জানিবলৈ দিয়ে যে, আন্না হাজাৰে ১১টা সমস্যাক লৈ এই আন্দোলনৰ নেতৃত্ববহন কৰিছে৷

এই সমস্যাসমূহৰ ভিতৰত ৭টা সমস্যাক সন্মতি প্ৰদান কৰা হৈছে৷ কিন্তু লোকপাল বিধেয়কৰ ক্ষেত্ৰত হাজাৰে সময়সীমা নিৰ্ধাৰণ কৰিবলৈ কোৱাৰ হেতু বিবুধিত পৰে মন্ত্ৰী গিৰীশ মহাজন৷ মহাজনে এই বিষয়ৰ সন্দৰ্ভত বুধবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আলোচনা কৰা হ’ব বুলি জনায়৷ 

আন্না হাজাৰেৰ এই আন্দোলনৰ উদ্দেশ্য হৈছে দেশত চলি থকা ৰাজনৈতিক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ নিৰ্মূল কৰা৷ দুৰ্নীতি-ভ্ৰষ্টাচাৰবিহীন নিকা শাসন-ব্যৱস্থা দেশত প্ৰৱৰ্তন কৰিবৰ বাবেই হাজাৰে লোকপাল বিধেয়কৰ ৰচনা কৰিছিল৷  সেই বিধেয়কৰ জৰিয়তেই দেশৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ নিৰ্মূল কৰাৰ বাবে ‘লোকপাল বিধেয়ক’ গৃহীত কৰিবলৈ হাজাৰে আন্দোলন অব্যাহত ৰাখিছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে ৪বছৰ অতিক্ৰম কৰাৰ পিছতো লোকপাল গৃহীত নকৰিলে৷

চৰকাৰে কেৱল এই বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত আশ্বাসহে প্ৰদান কৰি আহিছে কোনো এই সমস্যা পূৰণৰ কোনো সময়সীমা বান্ধি দিয়া নাই৷ আনহাতে হাজাৰে কৃষকৰ উৎপাদত সামগ্ৰীৰ উচিত মূল্য কৃষকক দিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে৷ চৰকাৰে আন্নাৰ এই দাবী মানি লৈ কৃষকৰ উৎপাদিত সামগ্ৰীৰ মূল্য দুগুণ কৰা হ’ব বুলি ঘোষণা কৰে৷ কিন্তু হাজাৰে কৃষকক সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত স্বায়ত্বতা প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰি আহিছে৷ 

উল্লেখ্য যে, আন্দোলনৰ পঞ্চম দিনা আন্না হাজাৰেৰ স্বাস্থ্যৰ অৱনতি ঘটে৷ হাজাৰেৰ ওজন ৫কিলো হ্ৰাস হোৱাৰ লগতে উচ্চ ৰক্তচাপ বৃদ্ধি পায়৷ অান্না হাজাৰেক চিকিৎসা সেৱা আগবঢ়াই থকা ধনঞ্জয় পোটে কয়, বিগত আন্দোলনত আন্নাৰ স্বাস্থ্য ৮-৯দিনৰ পিছতহে স্বাস্থ্যৰ অৱনতি ঘটে কিন্তু এইবাৰ ৪-৫দিনতেই অৱস্থা গম্ভীৰ হৈ পৰিছে৷ ডাক্টৰে আন্না হাজাৰেৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰেই আন্দোলন ভংগ কৰিবলৈ আহ্বান জনায়৷

২০১১ চনত লোকপাল বিধেয়কক লৈ আন্দোলন আৰম্ভ কৰাৰ সময়ত হাজাৰেৰ বয়স আছিল ৭৩বছৰ৷ তেতিয়া হাজাৰে ১৩ দিন একো নোখোৱাকৈ আছিল৷ কিন্তু আন্না হাজাৰেৰ বৰ্তমান বয়স ৮০বছৰ বুলি জনাই ডাক্টৰ ধনঞ্জয় পোটে৷