ডিজিটেল ডেস্কঃ ন্যায়াধীশ বৃজ গোপাল হৰকিষণ লয়াৰ মৃত্যুক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি ক্ৰমান্বয়ে গৰম হৈ অহাৰ সময়তে ঘটনাই দেওবাৰে নতুন মোৰ লয়৷ বৃজ গোপাল হৰকিষণ লয়া পুত্ৰই পিতৃৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আৰু সকলো বিবাদ সমাপ্ত কৰিবলৈ আহ্বান জনায়৷ ন্যায়াধীশ লয়াই দুগৰাকী ন্যায়াধীশৰ সৈতে লগ লাগি ২০১৪ চনৰ ১ ডিচেম্বৰত এগৰাকী সহকৰ্মীৰ কন্যাৰ বিয়া খাবলৈ গৈ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছিল৷

সেই সময়ত ন্যায়াধীশগৰাকীৰ পৰিয়ালৰ লোকক খবৰ নিদিয়াকৈ মৰণোত্তৰ পৰীক্ষা পৰ্যন্ত কৰা হৈছিল৷ CARAVAN নামৰ আলোচনী খনে ঘটনাৰ প্ৰায় দুবছৰৰ মূৰকত প্ৰায় ডেৰমাহ পূৰ্বে এক প্ৰতিবেদন প্ৰকাশ কৰি এই ঘটনা সন্দৰ্ভত কিছু তথ্য ফাদিল কৰিছিল৷ তাৰ পিছৰে পৰা এই ঘটনাই নতুন মোৰ লৈছিল যদিও দেওবাৰে ন্যায়াধীশ লয়াৰ পুত্ৰ অনুজ লয়াই এক সংবাদ মেল অনুষ্ঠিত কৰি পিতৃৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আৰু সকলো বিবাদ সমাপ্ত কৰিবলৈ আহ্বান জনায়৷

বৰ্তমানৰ বিজেপি দলৰ সভাপতি অমিত শ্বাহৰ নাম থকা চোহৰাবুদ্দিন এনকাউন্টাৰ গোচৰৰ চিবিআই ন্যায়াধীশ আছিল লয়া৷ উক্ত গোচৰত অমিত শ্বাহক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল৷ কিন্তু অমিত শ্বাহে আদালতত হাজিৰ হোৱা নাছিল৷ CARAVAN আলোচনীয়ে প্ৰতিবেদনত উক্ত নিশা অসুস্থ ন্যায়াধীশগৰাকীক  অটোৰে চিকিৎসালয়লৈ নিয়া, ইচিজি নকৰা, পৰিয়ালক খবৰ নিদিয়া, মৰণোত্তৰ পৰীক্ষা কৰা, কেৱল চালকে চহৰৰ ঘৰত মৃতদেহ গতাই দিয়াৰ পৰিবৰ্তে পৰিয়ালক অৱগত নকৰাকৈ গাঁৱৰ ঘৰলৈ মৃতদেহ লৈ যোৱা, এগৰাকী লোকে মাথো এম্বুলেন্সেৰে মৃতদেহ চমজাই দি অহা আদি কথা প্ৰকাশ কৰি ঘটনাক চৰ্চালৈ আনে৷

তাৰ মাজতে দেশৰ সৰ্বোচ্চ আদালতৰ চাৰিগৰাকী জ্যেষ্ঠ ন্যায়াধীশে যোৱ ১৩ জানুৱাৰীত এখন সংবাদমেল অনুষ্ঠিত কৰে৷ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ জে চেলামেশ্বৰ, বি মদন লুকুৰ, কুৰিয়াণ যোচেফ আৰু ৰঞ্জন গগৈয়ে সংবাদ মেল অনুষ্ঠিত কৰি প্ৰশ্ন উত্থাপন কৰিছিল উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনৰ বিৰুদ্ধে৷ দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে সংবাদ মেল অনুষ্ঠিত কৰি আভ্যন্তৰীণ প্ৰশাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছিল৷ ন্যায়মূৰ্তি জে চেলামেশ্বৰ আৰু তিনিগৰাকী জ্যেষ্ঠ ন্যায়াধীশে ন্যায়তন্ত্ৰৰ সৈতে জড়িত বিভিন্ন বিষয়ত সংবাদ মেল যোগে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰাৰ লগতে ন্যায়াধীশ বৃজ গোপাল হৰকিষণ লয়াৰ মৃত্যুৰ কথাওঁ উল্লেখ কৰিছিল৷

তাৰ পিছত পুণৰ ন্যায়াধীগৰাকীৰ মৃত্যুৰ ঘটনাই চৰ্চা লাভ কৰে৷ একাংশ সংবাদ মাধ্যমে পুণৰ চৰ্চালৈ আনে এই ঘটনাক৷ দেওবাৰে সংবাদ মেল অনুষ্ঠিত কৰি ন্যায়াধীশ লয়াৰ পুত্ৰই মোৰ দেউতাৰ মৃত্যুৰ সন্দৰ্ভত আমাৰ কোনো সন্দেহ নাই বুলি কৈ আমাক কোনেও যাতে এই ক্ষেত্ৰত আমনি নকৰে বুলি স্পষ্ট কৰে। গুজৰাটৰ চোহৰাবুদ্দিন শ্বেখ এনকাউন্টাৰ গোচৰৰ চিবিআই বিচাৰপতি প্ৰয়াত বৃজগোপাল লয়াৰ পুত্ৰ অনুজ লয়াই এক সংবাদ মেল যোগে তেওঁৰ দেউতাকৰ মৃত্যুৰ ওপৰত চলি থকা বিবাদ সমাপ্ত কৰিবলৈ সকলো পক্ষকেই আৱেদন জনায়।

চোহৰাবুদ্দিন শ্বেখ এন্টাকাউন্টাৰ গোচৰৰ শুনানি কৰি থকা চিবিআই বিচাৰপতি প্ৰয়াত বৃজগোপাল হৰকিষণ লয়াৰ অস্বাভাৱিক মৃত্যুৰ বিষয়ে সমগ্ৰ দেশতেই হৈ থকা বিবাদৰ সময়তে পুত্ৰ অনুজ লয়াৰ এই মন্তব্য অতি তাৎপৰ্য্যপূৰ্ণ বুলি বিভিন্ন মহলে কয়।

চিবিআই বিচাৰপতি প্ৰয়াত বৃজমোহন লয়াৰ পুত্ৰ অনুজ লয়াই মুম্বাই নাৰীমেন পইন্টত এক সংবাদমেল পাতি কয় যে এই বিষয়ত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ কোনো সদস্যৰে কাৰো ওপৰত একো সন্দেহ নাই আৰু তেওঁৰ পিতৃৰ মৃত্যুও অস্বাভাৱিক নাছিল। গতিকে তেওঁ সকলো পক্ষকেই আৱেদন জনাই যে তেওঁলোকক যাতে কোনেও আমনি নকৰে। পিতৃৰ মৃত্যুৰ বিষয়ে অনুজে সন্দেহ প্ৰকাশ কৰি লিখা এখন পত্ৰৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অনুজে কয় যে সেই সময়ত তেওঁৰ বয়স যঠেষ্ট কম আছিল।

গতিকে সেই সময়ত তেওঁ ভুলকৈ ভাবিছিল। কিন্তু এতিয়া তেওঁ বুজি উঠিছে যে তেওঁৰ পিতৃৰ মৃত্যুত একো অস্বাভাৱিকতা নাই গতিকে এতিয়া আৰু এইবিলাক কথা সুধি যাতে তেওঁক কোনেও আৰু আমনি নকৰে। "চিবিআই বিচাৰপতি লয়াৰ মৃত্যু তদন্ত হ'ব লাগে" এইতো প্ৰশ্নৰ উত্তৰত অনুজে কয় যে, "মোৰ মতে এই বিষয়ত আৰু তদন্ত হ'ব লাগে বুলি নাভাবো।

কাৰণ মোৰ আৰু মোৰ পৰিয়ালৰ কাৰো ওপৰত কোনো সন্দেহ নাই।" অনুজৰ অধিবক্তা অমিত নায়কে আৰু কয় যে এই বিষয়তো কোনো বিবাদিত বিষয় নহয়, সেইকাৰনে ইয়াক লৈ কোনেও ৰাজনীতি কৰা উচিত নহয়। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে বৃজগোপাল হৰকিষণ লয়াৰ মৃত্যুৰ ঘটনাটোক "এক গম্ভীৰ বিষয়" বুলি মন্তব্য কৰি মহাৰাষ্ট্ৰ চৰকাৰক বিচাৰক লয়াৰ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদালতত জমা দিবলৈ নিৰ্দেশ দিয়ে।