অভয়াপুৰীঃ প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰ প্ৰাক্তন চকীদাৰ৷ বিধায়ক হৈ কংগ্ৰেছ নেতা চন্দন সৰকাৰ ব্যস্ত হৈ পৰিছিল সোঁৱে-বাঁৱে ধন সংগ্ৰহত। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ ৩৫নং অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰথমটো কাৰ্যকালতে চন্দন কুমাৰ সৰকাৰে পৰ্বতসম সম্পত্তিৰ গৰাকী হৈ পৰিছিল৷ এই অভিযোগ অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ৷ 

অসম পাব্লিক ৱৰ্কছৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত যোগীঘোপাত আজি অনুষ্ঠিত এখন সজাগতা সভাত অংশ গ্ৰহণ কৰি অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰক এনেদৰে কয়৷

এই সম্পত্তিৰ আয়ৰ লগত নাছিল কোনো মিল। প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰে কালি বিশেষ আদালতত হাজিৰ হোৱাৰ পিছত আজি প্ৰাক্তন মন্ত্ৰীগৰাকীক এইদৰে উভতি ধৰে অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই। 
যোগীঘোপাত আজি এ পি ডব্লিউৰ বঙাইগাওঁ জিলাৰ উদ্যোগত  অনুষ্ঠিত NO DRUGS, NO WAR শীৰ্ষক সজাগতা সভাত অভিজিৎ শৰ্মাই কয় যে ষষ্ঠ শ্ৰেণীলৈ পঢ়া প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰে কেৱল দুৰ্নীতি কৰিবলৈকে চকীদাৰৰ পৰা আহি ৰাজনীতিত ভৰি থৈছে৷

যিজন মানুহৰ ভোটাৰ তালিকাত অসমতো নাম আছে, পশ্চিমবংগতো নাম আছে সেইজন মানুহৰ পৰা অসমে একো আশা কৰিব নোৱাৰে বুলিও মন্তব্য কৰে শৰ্মাই। তেওঁ আৰু কয় যে প্ৰাক্তন মন্ত্ৰীগৰাকী বিশেষ আদালতত হাজিৰ হোৱা মানেই অসমৰ বাবে এক শুভ লক্ষণ৷

উল্লেখ্য যে, আজিৰ এই সজাগতা সভাত জিলা পৰিবহণ বিভাগৰ সহোযগত এ পি ডব্লিউৰ বঙাইগাওঁ জিলা সমিতিয়ে পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হেলমেট নিপিন্ধাকৈ বাইক চলোৱা আৰোহীক হেলমেট প্ৰদান কৰি বাইক চলোৱা সময়ত হেলমেট ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।