পুনৰ ৩ কিশোৰক উদ্ধাৰ, থাইলেণ্ডৰ গুহাৰ পৰা ১৬ দিনৰ অন্তত ৮ কিশোৰ ফুটবলাৰক উদ্ধাৰ

Printer-friendly versionSend by email

newsnextone.com | ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ গুহাত আৱদ্ধ ফুটবল দলক উদ্ধাৰৰ দ্বিতীয়টো অভিযানত পুনৰ সফলতা লাভ কৰিছে উদ্ধাৰকাৰী দলে৷ সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ থকা মৰ্মান্তিক ঘটনাই ১৬ দিনত ভৰি দিলে৷ খেল পথাৰত প্ৰশিক্ষণৰ অন্তত ১১-১৬ বছৰৰ ১২গৰাকী কিশোৰ আৰু প্ৰশিক্ষকে গুহাৰ ভিতৰত সোমাই গুহা পৰিদৰ্শন কৰি থকাৰ সময়তে তীব্ৰ বৰষুণৰ বাবে গুহাত পানীৰে ভৰি পৰাত মধ্যম অংশত আৱদ্ধ হৈ পৰে৷ 

যোৱা ১৫ দিন ধৰি গুহাত ডুবাৰুৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ সোমবাৰে পুৱাৰ প্ৰথম অভিযানত সোমাবাৰে পুৱাই ৫ কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতে দ্বিতীয় অভিযান আৰম্ভ হয়৷ দ্বিতীয় অভিযানত পুনৰ তিনিজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷     

উত্তৰ থাইলেণ্ডত বাঢ়নী পানীৰ পৰিপূৰ্ণ গুহাটোত ১৬ দিন ধৰি আবদ্ধ ১২ কিশোৰ আৰু তেওঁলোকৰ ফুটবল প্ৰশিক্ষকক উদ্ধাৰৰ অভিযানত উদ্ধাৰকাৰীয়ে মুঠ ৮ জন সদস্যক গুহাৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়৷ আৰু ৫ জন সদস্যক উদ্ধাৰ কৰিবলৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ 

অভিযানৰ নেতৃত্ব লৈ থকা দলে কয় যে আশা কৰাতকৈ অভিযান কাৰ্যসূচী অধিক ফলপ্ৰসূতাৰে চলি আছে৷ ১১ বছৰীয়াৰ পৰা ১৬ বছৰৰ ভিতৰৰ ফুটবল খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকক পানীৰ মাজৰে উদ্ধাৰকাৰীৰ দলে গুহাৰ বাহিৰলৈ উলিয়াই অনাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে৷

অভিযানত অন্তৰ্ভূক্ত থাইলেণ্ডৰ নৌসেনা বাহিনীৰ এগৰাকী বিষয়াই তেওঁৰ ফেচবুক পেজত কয় যে, আবদ্ধ ফুটবল দলটোৰ ৭ গৰাকী সদস্যক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে৷ চিয়াং ৰায়ৰ কাৰ্যবাহী ৰাজ্যপাল আৰু অভিযানৰ নেতৃত্ব প্ৰদান কৰা নাৰোংগচাক ওচাটাকোৰ্ণে কয় যে উদ্ধাৰৰ পিছত ৭ কিশোৰক চিকিৎসালয় ভৰ্তি কৰা হৈছে৷ আনহাতে, সংবাদ প্ৰতিষ্ঠান এএনআইৰ বাতৰি মতে উদ্ধাৰকাৰীৰ দলে ৬ সদস্যক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে৷

সেনাৰ মেজৰ জেনেৰেল চালোংগচায় চায়কমে কয় যে গুহাত আবদ্ধ মুঠ ১৩ গৰাকী ফুটবলাৰক উদ্ধাৰ পৰা আৰু ২ৰ পৰা ৪ দিন সময় লাগিব পাৰে৷ বতৰ ভাল হ’লে আৰু গুহাৰ ভিতৰৰ পানী সোনকালে শুকুৱালে কম সময়ৰ ভিতৰত আটাইকেইজন সদস্যক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে থাই প্ৰশাসনে