ডিজিটেল ৰিপৰ্টঃ সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন প্ৰান্তত উলহ-মালহেৰে আজি ঈদ উদযাপন কৰা হয়। "ঈদ মোবাৰক ! পবিত্ৰ ঈদ উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ আৰু শান্তিৰ বতৰা ৷" এনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্ত সোণোৱালে ফেচবুকযোগে সকলোলৈকে ঈদৰ শুভেচ্ছা জনায়। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সকলোলৈকে ঈদৰ শুভেচ্ছা জনাই এনেদৰে লিখে ফেচবুক পেজতঃ May the blessings of Allah illuminate our path and bring us happiness, success and peace. Eid Mubarak.

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এক প্ৰতিবেদনঃ

ঐক্য-সম্প্ৰীতিৰ উৎসৱ পবিত্র ঈদৰ সমূহীয়া নামাজ জাজৰি আঞ্চলিক ঈদগাহ পথাৰত শান্তিপূৰ্ণ ভাবে সম্পন্ন হয়। প্ৰায় ১০ হাজাৰ ইছলাম ধৰ্মীয় লোকৰ উপস্থিতিত পবিত্র ঈদৰ সমূহীয়া নামাজ পঢ়ে মৌলানা ইছলামউদ্দিন আহমেদে। আঞ্চলিক ঈদগাহ সমিতিৰ সভাপতি মকিবুৰ ৰহমান, সম্পাদক ইমদাদুৰ ৰহমান আৰু উপদেষ্টা আবুল খায়েৰ আহমেদে অসমবাসী তথা সকলো জাতি-জনগোষ্ঠীলৈ শান্তিৰ উৎসৱ ঈদৰ জৰিয়তে শুভ বাৰ্তা জনায়। পবিত্র ঈদৰ সমূহীয়া নামাজত সাতামপুৰুষীয়া একতাৰ বান্ধোন অটুত থকাৰ কামনাৰে দোৱা কৰে।

by NNO Digital Correspondent Jajori

বাগসা জিলাৰ বাঙালীপাৰা ঈদগাহ ময়দান প্ৰাংগনত আজি পুৱাৰ ভাগত ফজৰ নামাজ, জিয়াৰত, সমূহীয়া নামাজ, ধৰ্মীয় আলোচনা অনুষ্ঠিত হোৱাৰ পিছতে অঞ্চলটোৰ লোকসকলে ৰাজ্যবাসীৰ শান্তি কামনাৰে সমূহীয়া দোৱা কৰা হয়। ইমাম মৌলানা ফৰমান চিদ্দিকিয়ে ধৰ্মীয় আলোচনা কৰাৰ লগতে নামাজ পাঠ কৰে হাফিজ আমানুল্লাই। পবিত্ৰ উৎসৱটোৰ উপলক্ষে অঞ্চলটোৰ লোকে পৰস্পৰক শুভেচ্ছা জনাই মিঠাই আদি বিতৰণ কৰা দেখা গ'ল।

by NNO Digital Correspondent Naokata

বঙাইগাওঁ জিলাৰ অভয়াপুৰী চহৰৰ ৰৌমাৰী ঈদগাহতো ইছলামধৰ্মী লোকসকলে ইদ উল ফিতৰ উপলক্ষে সমূহীয়া নামাজত অংশ লয়। পবিত্ৰ ৰোমজান মাহৰ ৰজাৰ অন্তত পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰিবলৈ অভয়াপুৰীত ইছলাম ধৰ্মাম্বলী লোক সকলে ব্যাপক অয়োজন কৰিছে। ভাতৃত্ব, প্ৰেম আৰু শান্তিৰ প্ৰতীক ইদ উল ফিতৰৰ দিনা খন ইছলাম ধৰ্মাম্বলী লোক সকলে বিশ্বত শান্তি বিৰাজ কৰাৰ আশা প্ৰকাশ কৰিছে।

by NNO Digital Correspondent Abhayapuri

পূব-বৰপেটাৰ ঐতিহাসিক চেঙা, মাজদিয়া, কুকাৰপাৰ আঞ্চলিক ঈদগাহত পবিত্ৰ ঈদ-উল ফিতৰৰ সমূহীয়া নামৰ সমাপন কৰে হাফিজ মৌলনা বচিৰুদ্দিন আল কাচিমীয়ে। উৎকট গৰমকো নেওচি প্ৰায় ২৫ হাজাৰ লোকে এই ঈদৰ নামাজৰ অংশ গ্ৰহণ কৰাৰ লগতে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰেও ভাগ লয়।

by NNO Digital Correspondent Pub Barpeta

হোজাই জিলাতো প্ৰতিকুল বতৰক নেওচি হাজাৰ হাজাৰ লোকে সম্পন্ন কৰিলে ঈদৰ সমূহীয়া নামাজ। মূষলধাৰ বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বানপানীৰ বাবে মোৰাঝাৰৰ বহু কেইখন ঈদগাহ ময়দানত নামাজ বাতিল কৰি মছজিদত পৱিত্ৰ দিনত ৭.৩০ বজাত সম্পন্ন হয় নামাজ। বিলোৱা হয় ভাতৃত্ববোধৰ বাণী। কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ লৈ যেন আনন্দৰ ঢল। ঈদে শান্তি, ভাতৃত্ববোধ আৰু আনন্দৰ বতৰা কঢ়িয়াই আনাৰ কামনা কৰিছে হোজাই জিলা কংগ্ৰেছ, বিন্নাকান্দি ব্লক কংগ্ৰেছ, আমছুৰ হোজাই জিলা সমিতি, মোৰাঝাৰ গ্ৰাম্য প্ৰেছ ক্লাব, যমুনাভেলী প্ৰেছ ক্লাব, যমুনামুখ সমষ্টি ব্যক্তিগত খণ্ডৰ বিদ্যালয় কনিষ্ঠ মহাবিদ্যালয়ৰ সমন্বয় সমিতি আদি সংগঠন সমুহে।

by NNO Digital Correspondent Murazar