গুৱাহাটীঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফলাফল ৰহস্যজনকভাৱে নিম্নগামী হোৱাক লৈ একাংশই শিক্ষা বিভাগটোকে সন্দেহৰ দৃষ্টিৰে চোৱাৰ সময়তে সম্পূৰ্ণ বিপৰীত মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নিম্নগামী ফলাফলৰ বাবে পোনপটীয়াকৈ শিক্ষকসকলকে দোষাৰোপ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। 

'পাঠদানৰ সময়ত ধৰ্ণা দিবলৈ গ’লে শিক্ষাৰ মান উন্নত হ’ব কেনেকৈ?’ - এই প্ৰশ্ন শিক্ষামন্ত্ৰীগৰাকীৰ। ফলাফল নিম্নগামী হোৱাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে ওলোটাই প্ৰশ্নৰহে অৱতাৰণা কৰে। পাঠদানৰ সময়ত ধৰ্ণা দিবলৈ যোৱাৰ সময়ত কেজুৱেল লিভ লয় নে শিক্ষকে- ৰাজ্যৰ শিক্ষকসকলক উদ্দেশ্য কৰি পুনৰ এই প্ৰশ্ন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। 

চৰকাৰী বিদ্যালয়ৰ অৱক্ষয় ঘটা বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে এই বিষয়ত সমাজৰ সকলো শ্ৰেণীৰ লোককে সচেতন হ’বৰ বাবে অাহ্বান জনায়। সমাজে চকু দিলেহে চৰকাৰী বিদ্যালয়ৰ নিয়ম-অনুশাসন ঘূৰি আহিব বুলিও মত প্ৰকাশ কৰে মন্ত্ৰী হিমন্তই। 

গ্ৰেচ মাৰ্ক দি ছাত্ৰ-ছাত্ৰীক পাছ কৰোৱা হয় বুলি শেহতীয়াভাৱে বিধানসভাত মন্তব্য দি বিতৰ্কলৈ অহা মন্ত্ৰী হিমন্তৰ মতে কেৱল শিক্ষামন্ত্ৰীয়ে একো কৰিব নোৱাৰে। তাৰ সমানে সমানে লাগিব সমাজৰ সহযোগিতা।  

পূৰ্বৰ দৰেই সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী বিদ্যালয়ৰ ফলাফল ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ নিম্নগামী হোৱা সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী বিদ্যালয়ৰ অৱক্ষয় ঘটিছে।

ব্যক্তিগত খণ্ডৰ ছল্ট ব্ৰুক, ৰামানুজনৰ দৰে চৰকাৰী বিদ্যালয়তো কঠোৰ অনুশাসনৰ প্ৰয়োজনীয়তাও দোহাৰে হিমন্তই। আজিৰ এই ফলাফলত সেই কথাৰেই প্ৰতিফলন ঘটা বুলি কয় শিক্ষামন্ত্ৰীগৰাকীয়ে।

শিক্ষানুষ্ঠানত নিয়মীয়া পাঠদান হৈছেনে নাই, নিয়ম-অনুশাসন আদি শিক্ষকে পালন কৰি আছে নে নাই- এই সকলোবোৰ দিশত সমাজে চকু দিব লাগিব। চৰকাৰী শিক্ষাৰ মান উন্নত কৰাৰ কাম অকল বিভাগটোৱে কৰিব নোৱাৰে।

তাৰ বাবে সমাজৰ দায়বদ্ধতা আৰু সচেতনতা অতিকে প্ৰয়োজনীয়। তদুপৰি এই সচেতনতা কেৱল ফলাফলৰ দিনাই নহয়, গোটেই বছৰটো থাকিব লাগিব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।