গুৱাহাটীঃ কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি বলৱৎ কৰা ২১ দিনীয়া লকডাউনৰ আজি পঞ্চম দিন৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ প্ৰান্ততে পুৱাৰে পৰা অধিকাংশ ৰাইজৰ স্বতঃস্ফূৰ্ত সহাৰি দেখা গৈছে এই লকডাউনলৈ৷ নাই কোনো জনসমাগম, স্তব্ধ যাতায়ত ব্যৱস্থা, বন্ধ আছে দোকান পোহাৰ৷ ইয়াৰ সমান্তৰালভাৱে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ আছে চৰকাৰ, স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী-প্ৰশাসন৷
অধিকাংশ লোকেই লকডাউনলৈ সহাৰি জনোৱাৰ বিপৰীতে ৰাজ্যৰ কেইবাঠাইতো একাংশ লোকে সেয়া ভংগ কৰাৰো বাতৰি আহিছে ৷ যোৱা ৪ দিনত কিছু ঠাইত একাংশ লোক বাহিৰলৈ ওলাই অহা, দোকান-পোহাৰ খোলা আদি ঘটনাও পৰিলক্ষিত হয়৷ ঠায়ে ঠায়ে একাংশ লোকে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত হোৱা দেখা গৈছে৷ যাৰ পৰিপেক্ষিতত সেই লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন৷
অসম আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে ৰাজ্যত লকডাউনৰ প্ৰথম চাৰিটা দিনত ১২০টা লকডাউন সম্পৰ্কীয় অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷ এই সময়ছোৱাত লকডাউনৰ নিদেৰ্শ অমান্য কৰা লোকৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈছে ১৪০টাকৈ গোচৰ৷
লকডাউনৰ সময়ত নিদেৰ্শ অমান্য কৰা আৰু আন আইন উলংঘা কৰা ঘটনাত লিপ্ত হোৱা অপৰাধত আৰক্ষীয়ে বৰ্তমান সময়লৈকে ২৭৬ জন লোকক আটক কৰিছে৷ আৰক্ষীয়ে আটক কৰাসকলৰ ভিতৰত ১৫০ জনক ব্যক্তিগত জামিনত মুকলি কৰি দিয়াৰ বিপৰীতে ৩ জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷
আনহাতে লকডাউন অমান্য কৰাৰ যান-বাহনৰ গৰাকী আৰু চালকৰ বিৰুদ্ধেও আৰক্ষী-প্ৰশাসন কঠোৰ হৈ পৰিছে৷ বৰ্তমান সময়লৈকে আইন অমান্য কৰা ৪৬০খন যান-বাহন আৰক্ষীয়ে জব্দ কৰিছে ৷ ইয়াৰে ৩৮৪ খন দুচকীয়া আৰু ৭৬ খন চাৰিচকীয়া৷ জব্দ কৰা এই সমূহ যান-বাহনৰ পৰা ২.২০ লাখ জৰিমনা আদায় কৰা হৈছে বুলি জানিবলৈ দিছে অসম আৰক্ষীয়ে৷