নগাঁওঃ অসমলৈ আকৌ এবাৰ গৌৰৱ কঢ়িয়াই অনাৰ সুবিধা লাভ কৰিছে এগৰাকী ছাত্ৰী সহ অসমৰ ৪ ছাত্ৰই৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুণৰবাৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ সুযোগ লাভ কৰিছে নগাঁও জিলাৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে৷

নগাঁও কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ণৰত এই ছাত্ৰ-ছাত্ৰীকেইগৰাকী হৈছে অৰুণাভ বিকেল শইকীয়া, আৰ্দশ প্ৰদীপ গোস্বামী, সানিধ্য প্ৰতিম শৰ্মা আৰু অৰ্পিতা দাস ৷ ইয়াৰে আৰ্দশ প্ৰদীপ আৰু অৰ্পিতাই একাদশ শ্ৰেণীত পঢ়ি থকাৰ বিপৰীতে অৰুণাভ দশম আৰু সানিধ্য নৱম শ্ৰেণীৰ ছাত্ৰ৷

এই চাৰিগৰাকী শিক্ষাৰ্থীয়ে গুজৰাটৰ বডোদৰাত স্কুল গেমছ ফেডাৰেছন অৱ ইণ্ডিয়া চমুকৈ এছ জি এফ আইয়ে অনুষ্ঠিত কৰা টেবুল টেনিছ চেম্পিয়নশ্বিপ-২০১৮ত অংশগ্ৰহনৰ সুবিধা লাভ কৰিছে৷ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখনত ভাগ লোৱাৰ বাবে গুজৰাটত উপস্থিত হোৱা শিক্ষাৰ্থী চাৰিগৰাকীয়ে পুৰস্কাৰ অৰ্জনেৰে অসম তথা নগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনাৰ সকলোৱে আশা কৰিছে৷