শিক্ষানুস্থান খোলাৰ কোনো সিদ্ধান্ত নাই

সন্ধিয়া ৬ বজাৰপৰা পুৱা ৫ বজালৈ সান্ধ্যআইন

ডিজিটেল ডেস্ক, ৯ আগষ্টঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি নতুন
এছ.অ’.পি. ঘোষণা কৰে৷ শেহতীয়াকৈ ক’ভিড পৰিস্থিতি কিছু উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ১০আগষ্ট তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ জাৰি কৰা নতুন এছঅ’পি(SOP)ৰ নিয়মাৱলী সমুহ এনেধৰণৰ—

=>সকলো জিলাতে সন্ধিয়া ৬.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন বলবৎ থাকিব৷

=>সকলো জিলাতে সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, আৰু পাচলিৰ দোকান।

=>জিলাসমূহত কোনো এটা এলেকাত এসপ্তাহত ১০গৰাকীতকৈ অধিক লোক ক’ভিডত আক্ৰান্ত হ’লে উপায়ুক্তই সেই এলেকাক কনটেইনমেণ্ট জ’ন ঘোষণা কৰিব।

=>আন্তঃজিলা যাত্ৰী পৰিবাহী যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থাকিব৷

=>আন্তঃ জিলা যাত্ৰী পৰিবাহী বাছ তথা আন বাহনৰ ক্ষেত্ৰত মুঠ আসনৰ ৫০ শতাংশ আসনত সামাজিক দূৰত্ব, মাস্ক আদি ক’ভিড বিধি মানি চলাচলৰ অনুমতি প্ৰদান৷

=> বিবাহ, অন্তিম সৎকাৰ আদিৰ ক্ষেত্ৰত সৰ্বাধিক দহ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি প্ৰদান৷

=>ৰাজহুৱা স্থানত মাস্ক পিন্ধাতো বাধ্যতামূলক কৰা হৈছে৷

কিন্তু শিক্ষানুস্থান খোলাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷পৰৱৰ্তী সময়তহে এই বিষয়ে সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীয়ে৷অনলাইন শিক্ষাব্যৱস্থাৰেই চলিব শিক্ষা ব্যৱস্থা৷