গুৱাহাটীঃ ভিলেজ ৰকষ্টাৰৰ জৰিয়তে সমগ্ৰ ৰাজ্যবাসীৰ তথা বিশ্ববাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা অসম কন্যা ৰিমা দাসে পৰিচালনা কৰিব নতুন ছবি ‘পূৰ্ণ চন্দ্ৰা’। অসম চলচ্চিত্ৰৰ বিত্ত নিগমৰ বেনাৰত নিৰ্মান হ’ব লগা নতুন ছবিখনৰ কাম আৰম্ভ হব চলিত বৰ্ষৰ আগষ্ট মাহৰপৰা। এই কথা মঙলবাৰে এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰা।
বৰাই লগতে কয় যে ছবিখন নিৰ্মান কৰাৰ বাবে ৰিমা দাসক অসম চৰকাৰৰ চলচিত্ৰ বিত্ত নিগমৰ ফালৰ পৰা ৫০ লাখ টকা দিয়া হ’ব। ছবিখন নিৰ্মান কৰোতে যিখিনি টকা খৰচ সম্পূৰ্ণ হৈ যদি ৰৈ যায় সেই টকাখিনি ঘূৰাই দিব বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসম চৰকাৰে ছবি নিৰ্মাণৰ বাবে ৫০ লাখ টকা প্ৰদান কৰিছিল পৰিচালনা জাহ্নু বৰুৱাক।
ইয়াৰ উপৰিও আজি এই সংবাদ মেলতে যতীন বৰাই জানিবলৈ দিয়ে যে অসমৰ চুটি ছবি, এনিমেছনত অসম চৰকাৰে অনুমোদন জনাইছে ৰাজসাহায্য। তাৰ বাবে চৰকাৰে এক কোটি টকা ইতিমধ্যে মুকলি কৰি দিয়াৰ কথাও আজি সংবাদ মেলত জানিবলৈ দিয়ে। লগতে তেওঁ কয় এই ৰাজসাহায্য চুটি ছবি সমূহৰ সময়ৰ ওপৰত ভিত্তি কৰি ৫ লাখৰপৰা ২৫ লাখ টকালৈকে প্ৰদান কৰা হ’ব।
একেদৰে তেওঁ কয় অসম চলচ্চিত্ৰ উদ্যোগতো পুনৰ জীয়াই তোলাৰ বাবে ৰাজ্যত বন্ধ হৈ থকা চিনেমা হল সমূহ পুনৰ নিৰ্মান কৰাৰ বাবে চৰকাৰে ইতিমধ্যে ধন মুকলি কৰাৰ কথা।
আজি এই সংবাদ মেলত উপস্থিত থাকি পৰিচালক ৰিমা দাসে কয় ভিলেজ ৰকষ্টাৰ সফলতাৰ পাছত দ্বিতীয়খন ছবি "বুলবুল কেন সিং চলিত বর্ষৰ আগষ্টৰপৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত দর্শকৰ বাবে মুকলি কৰি দিয়া হব বুলিও। ইয়াৰ উপৰিও আজি সংবাদ মেলত ৰিমা দাসে ভিলেজ ৰকষ্টাৰ অস্কাৰলৈ মনোনীত হওতে যি সকলে আৰ্থীক অনুদান আগবঢ়াইছিল সেই সকলোকে সহ প্ৰযোজক হিচাপে লৈ এখন নতুন চিনেমা নিৰ্মান কৰিব। যত লাভাংস পাব অনুদান আগবঢ়োৱা প্ৰত্যেকজন লোকে বুলি কয়৷