খাৰুপেটীয়াঃ পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংঠন এটিৰ উদ্যোগত আৰম্ভ কৰা সৰ্বভাৰতীয় পৰ্যায়ত স্কুল চলো অভিযানৰ সৈতে সংগতি ৰাখি দৰং জিলা সমিতিয়েও দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত গাধৈঝাৰ প্ৰাথমিক বিদ্যালয় প্ৰঙ্গণত এই অভিযানৰ এক সজাগতা সভা অনুষ্ঠিত কৰে।
দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক চুলতান আহমেদে সভাপতিত্ব কৰা সভাখনত দলগাঁও অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।
সভাৰ আৰম্ভণিতে জিলা সভাপতি মৌঃ আনিছ আহমেদে সভাৰ উদ্দেশ্য বাখ্যা কৰে। ইয়াৰ পিছতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৰাজ্যিক সক্ৰিয় সদস্য জাকিৰ হুছেইনে ভাষণ প্ৰদান কৰি কয় যে শিক্ষা অবিহনে কোনো এটা জাতিয়েই যে ককাল পোনাই থিয় হ'ব নোৱাৰে।
এটিও সন্তানে যাতে বিদ্যালয়লৈ নোযোৱাকৈ নাথাকে তাৰ প্ৰতি সজাগ দৃষ্টি ৰাখিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। পপুলাৰ ফ্ৰণ্টৰ ৰাজ্যিক উপ সভাপতি মৌঃ মুস্তাক আহমেদ ক্বাচিমীয়েও শিশু শিক্ষা সম্পৰ্কে ভাষণ আগবঢ়ায়। উক্ত অনুষ্ঠানতেই শতাধিক ছাত্ৰ-ছাত্ৰীক স্কুল বেগ, বহী, কলম, স্কেল, পেঞ্চিল আদি বিতৰণ কৰা হয়।