ডিজিটেল ডেস্কঃ এ চি আছে৷ টিভিও আছে৷ আছে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা৷ লগত এগৰাকী সহায়ক৷ এয়া কোনো তাৰকাযুক্ত হোটেলৰ কোঠাৰ বৰ্ণনা নহয়৷ এয়া পঞ্জাৱৰ ৰোহতক নামৰ জেইলখনৰ এটা চেল৷ য’ত কালিৰে পৰা কয়দীৰ জীৱন কটাইছে ‘ডেৰা সচ্ছা চৌদা’ৰ অধিকাৰী বাবা গুৰমিত ৰাম ৰহিম৷
২০০২ চনত দুগৰাকী নাৰীক বলাৎকাৰৰ দোষত অভিযুক্ত ধৰ্মীয় গুৰু গুৰমিত ৰাম ৰহিমৰ অভিযোগৰ শুনানি কালি পঞ্চকুলা বিশেষ চিবিআইয়ে প্ৰদান কৰে৷ কালি চিবিআইৰ শুনানিৰ পাছত অভিযুক্ত ৰাম ৰহিমক ৰোহতক জেললৈ প্ৰেৰণ কৰা হয়৷ পিছে জেইলত ভিআইপিৰ সন্মান লাভ কৰা বলাৎকাৰী ৰাম ৰহিমৰ ৰাতি টোপনিহে নাহিল৷ এক বিশেষ সূত্ৰই সাংবাদিকক জনোৱা মতে ৰাম ৰহিমে হেনো গোটেই নিশা জেলৰ বন্ধ চেলৰ ভিতৰত পাইচাৰি কৰিয়ে কটাই দিলে৷
আনহাতে, জেলৰ ভিতৰত কয়দীৰ পোচাক পৰিধান কৰিব লাগে যদিও জেলৰ ভিতৰৰ প্ৰথম দিনটোত ৰাম ৰহিমে পিন্ধি থাকিল নিজৰ আভূষণ৷ ৰোহতক জেলত এজন অপৰাধীক ভিআইপিৰ দৰে সন্মান দিয়া আৰু কয়দীয়ে নিজৰ পোচাক পিন্ধিবলৈ অনুমতি প্ৰদান কৰাক লৈ এতিয়া বিভিন্নজনৰ মনত প্ৰশ্নৰ উদয় হৈছে৷
আনহাতে শুকুৰবাৰে পঞ্চকুলাৰ বিশেষ আদালতে বলাৎকাৰৰ দোষত অভিযুক্ত গুৰমিত ৰাম ৰহিমক দোষী বুলি ঘোষনা কৰাৰ পাছতেই সমগ্ৰ পঞ্জাৱ আৰু হাৰিয়ানাত ধৰ্মীয় গুৰুগৰাকীৰ সমৰ্থকসকলে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে৷ যাৰ বাবে আৰক্ষীয়ে বন্দুক চলাবলৈ বাধ্য হয়৷
এই ঘটনাত ৩০ গৰাকী লোকৰ মৃত্যু হয় আৰু প্ৰায় ২৫০ গৰাকী ব্যক্তি আহত হয়৷ এই ঘটনাৰ পাছতেই পঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত কটকটীয়া ব্যৱস্থা গঢ়ি তোলে।
পঞ্চকুলা চিবিআইৰ মুখ্য ন্যয়ধীশ জগদীপ সিঙে ‘ডেৰা সচ্ছা চৌদা’ৰ অধিকাৰী ৫০ বৰ্ষীয় ৰাম ৰহিমক ২০০২ চনৰ এখন বেনামী লিখিত অভিযোগৰ ভিত্তিত দোষী সাব্যস্ত কৰে৷
অভিযোগ মৰ্মে ৰাম ৰহিমৰ বিৰুদ্ধে দুজনী নাৰীৰ ওপৰত শাৰীৰিক অত্যাচাৰ আৰু বলাৎকাৰৰ অভিযোগ উত্থাপন কৰা হৈছিল৷ যাৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে ২০০২ চনৰ ডিচেম্বৰত কেচ দাখিল কৰা হৈছিল৷
বিশেষ চিবিআইৰ উকীল এছপিএছ বাৰ্মাই শুকুৰবাৰে সাংবাদিকৰ আগত কয় যে ২৮ আগষ্টত ৰাম ৰহিমৰ শাস্তি ঘোষণা কৰা হ'ব৷ অভিযুক্ত বাবা জনে অতি কমেও সাত বছৰ কাৰাদণ্ড ভুগিব লাগিব পাৰে আৰু এই কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ সলনি হোৱাটোও অস্বাভাৱিক নহয়৷