গুৱাহাটীঃ এছ এছ ৰাজামৌলীৰ বিগ বাজেটৰ ছবি বাহুবলী-২য়ে দেশ-বিদেশৰ অগনন দৰ্শকৰ লগতে গুৱাহাটীৰ দৰ্শকৰো ব্যাপক সঁহাৰি লাভ কৰিছে৷ যোৱা শুকুৰবাৰে দেশ-বিদেশৰ ৯ সহস্ৰাধিক চিত্ৰগৃহত মুক্তি পোৱাৰ দিনাই এশ কোটিৰো অধিক টকা উপাৰ্জন কৰা ছবিখন উপভোগ কৰিবলৈ অহা দৰ্শকে গুৱাহাটীৰ চিত্ৰগৃহসমূহতো বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰিছে৷
অনুৰাধা চিত্ৰগৃহত আজি পুৱাৰ পৰা দৰ্শকৰ লানি নিছিগা সোঁত বয়৷ একেদৰে মহানগৰীখনৰ সকলো চিত্ৰগৃহ, মাল্টিপ্লেক্স আদিতো দৰ্শকে উবুৰি খাই পৰা পৰিলক্ষিত হয়৷ অধিকাংশ চিত্ৰগৃহতে আগতীয়াকৈ সকলো টিকট সংৰক্ষণ হয়৷ ফলত বহুজনে ছবিখন উপভোগ কৰিবলৈ আহি বিফল মনোৰথেৰে উভটিবলগীয়া হয়৷
বেলতলাৰ পৰা ছবিখন উপভোগ কৰিবলৈ অহা প্ৰতীম কুমাৰ নামৰ যুৱকজনে কয় যে তেওঁ আজি পুৱাৰ পৰা অনুৰাধা চিত্ৰগৃহত অপেক্ষা কৰিও এটা টিকট সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল৷ ‘ছবিখন চাম বুলি বহুদিনৰ পৰা অপেক্ষা কৰি আছিলো৷ সেয়েহে ছবিখন মুক্তি পোৱাৰ কিছুদিন আগতে টিকটবুক কৰো৷ অন্যথা ছবিখন চাবলৈ নাপালোহেঁতেন৷’ এনেদৰে কয় কে’বাগৰাকী বান্ধবীৰ সৈতে পল্টন বজাৰৰ গল্ড মাল্টিপ্লেক্সত ছবিখন উপভোগ কৰিবলৈ অহা চিমকী মজুমদাৰ নামৰ কলেজীয়া ছাত্ৰীগৰাকীয়ে৷
লক্ষ্যণীয় যে আজি মে’ দিৱস উপলক্ষে ৰাজহুৱা যান-বাহনৰ চলাচল প্ৰায় বন্ধ থকাৰ পাছতো মহানগৰীৰ চিত্ৰগৃহসমূহ দৰ্শকেৰে ঠাহ খাই পৰে৷ বাহুবলী-২ হৈছে ভাৰতত বৰ্তমানলৈকে নিৰ্মিত সবাতোকৈ বিগ বাজেটৰ ছবি৷ ছবিখন নিৰ্মাণত কমেও ৪৫০ কোটি টকা ব্যয় হৈছে৷
হিন্দী, তামিল, মালায়ালম আদি চাৰিটা ভাষাত একেসময়তে মুক্তিপ্ৰাপ্ত ছবিখনৰ দৃশ্যগ্ৰহণ ভাৰতৰ বিভিন্ন স্থানৰ উপৰি চীনকে ধৰি বিশ্বৰ বহু স্থানত কৰা হৈছে৷ অত্যাধুনিক প্ৰযুক্তি ব্যৱহৃত ছবিখন অসমৰ বাবে আন এক কাৰণত গুৰুত্বপূৰ্ণ৷ কাৰণ ছবিখনৰ ভিজুৱেল এফেক্টৰ কাম কৰিছে মঙলদৈৰ যুৱক কমল জ্যেতি ডেকাই।