বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি অঞ্চলৰ সামাজিক ক্ষেত্ৰখনলৈ নানা ধৰণেৰে অৱদান আগবঢ়াই অহা সত্তৰোৰ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, বাইহাটা চাৰিআলি লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, বাইহাটা চাৰিআলি সাহিত্য সভাৰ বিদ্যাৱতী দেৱী সাধু কোৱা প্ৰতিযোগিতাৰ ন্যাসদাতা আগডলা নিৱাসী অবিবাহিত স্বৰ্ণ দেৱীয়ে জীৱনৰ এই বিয়লি বেলাত পৰিয়ালৰদ্বাৰা চূড়ান্তভাৱে অৱহেলিত হৈ গোহালি সদৃশ পৰিৱেশত বন্দিত্বৰ দুৰ্বিষহ জীৱন কটাই থাকিব লগা হৈছে।
বাইহাটা চাৰিআলি লেখিকা সমাৰোহ সমিতিৰ কাৰ্যসূচীত দীৰ্ঘদিন উপস্থিত নথকাত সমিতিখনৰ সভানেত্ৰী নলিনী দেৱী, সহকাৰী সম্পাদিকা অঞ্জনা ডেকা, অন্যান্য সদস্যবৰ্গই তেওঁৰ খবৰ ল’বলৈ যোৱাত পোহৰলৈ আহে মানৱ সমাজক লজ্জানত কৰা এই দুৰ্ভাগ্যজনক কাহিনী।
সমাজ আৰু নিজৰ পৰিয়ালৰ বাবে যথেষ্ট ত্যাগ কৰা সত্তৰোৰ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীয়ে দুৱাৰ বন্ধ পোহৰ-পাংখা আদিৰ ব্যৱস্থা নথকা আৰু অনবৰত মহ-মাখিৰে ভৰি থকা কোনোমতে টিনপাতেৰে ঘৰৰ ৰূপ দিয়া আচহুৱা কোঠা এটিত হাত দুখনো কাপোৰেৰে বান্ধি ৰখা অৱস্থাত এক নাৰকীয় জীৱন কটাই থাকিবলগীয়া হোৱা অমানৱীয় বিষয়টো সম্প্ৰতি পোহৰলৈ অহাত অঞ্চলটোৰ ৰাইজ থিৰেৰে থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে।
এই ক্ষেত্ৰত অবাক হৈ পৰা লেখিকা সমাৰোহ সমিতিখনৰ প্ৰতিনিধিসকলে এতিয়াও মাহিলি প্ৰায় ২০ হাজাৰ টকা পেঞ্চন পোৱা এই শিক্ষয়িত্ৰীগৰাকীক বন্দী কৰি ৰখা এই কল্পনাতীত পৰিৱেশৰ বৰ্ণনা কৰি জনায় যে এনে পৰিৱেশতো যে মানুহক ৰাখিব পাৰে সেয়া সপোনতো ভাবিব নোৱাৰি।
বান্ধি ৰখাৰ ফলত তেওঁৰ হাততো দাগ পৰিছে। তেওঁ এতিয়া এই পৰিৱেশত ৰুগ্ন শৰীৰেৰে ফটা- ছিঙা এটি মাথো ব্লাউজ আৰু এখন মেখেলাকে পিন্ধি "মই মাথো জীৱন যোৱাৰ বাবে ভগৱানক খাটি আছোঁ" বুলি জীৱনৰ অন্তিম ক্ষণ গণি আছে।
গোটেই জীৱনটো পৰিয়ালক উপাৰ্জন কৰি দিয়াৰ লগতে সামাজিক প্ৰগতিতো অৰিহণা যোগাই অহা স্বৰ্ণ দেৱীয়ে জীৱনৰ এই বিয়লি বেলাত পৰিয়ালৰদ্বাৰা এনেদৰে কাৰ্যতঃ এলাগী হৈ এক অস্পৃশ্য সদৃস জীৱন কটাৱলগীয়া হোৱা সকৰুণ বিষয়টো পোহৰলৈ অহাত বাইহাটা চাৰিআলি লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰীতামণি ডেকা, সমাৰোহ সমিতিখন আৰু বাইহাটা চাৰিআলি সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী ৰক্তিমা ডেকা বৰুৱা, বাইহাটা চাৰিআলি মহাবাহু সংঘৰ সভাপতি প্ৰফুল্ল কুমাৰ দাস, বাইহাটা চাৰিআলি উন্নয়ন সমিতিৰ সম্পাদক অংকুৰ দাস, শিক্ষয়িত্ৰী প্ৰাঞ্জলী মহন্ত, সক্ৰিয় মহিলা নিৰদা ডেকা সমন্বিতে বিভিন্নজনে স্বৰ্ণ দেৱীক উদ্ধাৰৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে আইনী ব্যৱস্থা ল’বলৈয়ো আগবাঢ়িছে।