newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতত উচিত প্ৰশিক্ষণ প্ৰদান কৰা নহয়৷ এই অভিযোগ উত্থাপন কৰি চীনত কেইবাগৰাকীও তিব্বতীয় বৌদ্ধ সন্যাসিক নিষিদ্ধ কৰিছে চীনৰ এটি বিভাগে৷ প্ৰশাসনৰ ভয়, এইসকলৰ তিব্বতীয় সন্যাসীয়ে দেশত ধৰ্ম নিৰপেক্ষতাবাদৰ প্ৰচাৰ কৰিব পাৰে৷ চীনৰ এক চৰকাৰী মাধ্যমৰ বিবৃতিত এই কথা প্ৰকাশ কৰা হয়৷

গ্লোৱেল টাইমছত প্ৰকাশিত এক বাতৰিত চীনৰ এগৰাকী প্ৰশাসনিক বিষয়াই কয়, ‘ভাৰতত যিসকলৰ তিব্বতীয় সন্যাসীৰ ভুল প্ৰশিক্ষণ লাভ কৰিছে, সেইসকলে দক্ষিণ পশ্চিম চীনৰ চিশুয়ান প্ৰদেশৰ লিটাং বিভাগৰ বাসিন্দাসকলক বৌদ্ধ ধৰ্মৰ পাঠদান কৰিব নোৱাৰিব৷’

উল্লেখ্য যে, তিব্বতীয় বৌদ্ধ অধ্যয়নত উচ্চতম শিক্ষাৰ ডিগ্ৰী লাভ কৰাসকলক প্ৰতিবছৰে লিটাঙত দেশভক্তি সম্বন্ধীয় পাঠ শিকোৱা হয়৷ য’ত বৌদ্ধ সন্যায়ীসকলক দেশভক্তিৰ লগতে সামৰিক কলা শিক্ষা প্ৰদান কৰা হয়৷ 

লিটাঙৰ জাতিগত আৰু ধৰ্মীয় বিষয়ক বিভাগৰ এগৰাকী বিষয়াই কয় যে, লিটাঙত দেশভক্তিৰ পাঠ গ্ৰহণ কৰা সময়ত কোনো সন্যাসীয়ে যদি ধৰ্ম নিৰপেক্ষতাৰ বিষয়ে মত পোষণ কৰে, তেন্তে তেওঁক জনসাধৰণক বৌদ্ধ ধৰ্মৰ শিক্ষা প্ৰদান কৰাৰ অনুমতি দিয়া নহয়৷ 

আনহাতে বিষয়াগৰাকীয়ে ভাৰতীয় বৌদ্ধ শিক্ষাক সমালোচনা কৰি কয় যে, কেৱল ভাৰতৰ পৰাই বৌদ্ধ অধ্যয়নৰ উচ্চতম ডিগ্ৰী গেক্সে লাহৰাম্পা ডিগ্ৰী লাভ কৰিলেই নহ’ব৷ ভাৰতত বৌদ্ধ পৰিশক্ষণ লাভ কৰাৰ পিছতো সন্যাসীসকলে চীনা বৌদ্ধ পৰীক্ষা আৰু তৰ্ক প্ৰতিযোগিতাত উত্তীৰ্ণ হ’ব লাগিব বুলিও বিষয়াগৰাকীয়ে মন্তব্য কৰে৷

অৱশ্যে বৰ্তমানলৈ ভাৰতত প্ৰশিক্ষণপ্ৰাপ্ত কিমানগৰাকী সন্যাসীক চীনত নিষিদ্ধ কৰা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷