newsnextone.com ডিজিটেল ডেক্সঃ কাশ্মীৰৰ ‘ৰাইজিং কাশ্মীৰ’ কাকতৰ সম্পাদক চুজাত বুখাৰীৰ হত্যাকাণ্ড আৰু নিৰীহ লোকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে বৃহস্পতিবাৰে আহ্বান জনোৱা বন্ধ কাৰ্যসূচী পুৱাৰে পৰা আৰম্ভ হোৱাৰ পূৰ্বে লিবাৰেচন ফ্ৰণ্টৰ প্ৰধান য়াছিন মালিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আনহাতে বিচ্ছিন্নতাবাদী সংগঠন হুৰিয়ৎ কানফাৰেন্সৰ নেতা মিৰৱাইজ উমৰ ফাৰুকক গৃহবন্দী কৰে আৰক্ষীয়ে৷

বৃহস্পতিবাৰে নিজ ঘৰৰ পৰা য়াছিন মালিকক গ্ৰেপ্তাৰ কৰা হয়৷ কাশ্মীৰৰ কোথিবাগ আৰক্ষী থানাত আৱদ্ধ কৰে৷ আনহাতে পুৱাৰে পৰা গৃহবন্দী কৰে বিচ্ছিন্নতাবাদী সংগঠন হুৰিয়ৎ কানফাৰেন্সৰ নেতা ছৈঈদ আলী শ্বাহ গিলানী, মিৰৱাইজ উমৰ ফাৰুকক৷ এই তিনওগৰাকী নেতাই বন্ধৰ আহ্বান জনাইছিল৷ 

শ্ৰীনগৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷ শিক্ষানুষ্ঠান আৰু ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ থাকে৷ ৰাজপথত গাড়ীৰ চলাচল বন্ধ থাকে৷ বিজেপি আৰু পিডিপিৰ চৰকাৰৰ পতনৰ পিছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ আৰক্ষীৰ সৈতে চিআৰপিএফ মোতায়ান কৰা হয়৷ বৰ্তমান ৰাজ্যপালৰ শাসন চলি আছে ৰাজ্যখনত৷

আনহাতে ৰাজ্যপাল এন এন বোহৰাই শুকুৰবাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান জনায়৷ ৰাজ্যৰ শেহতীয়া স্থিতি সন্দৰ্ভত আলোচনা কৰা হ’ব বৈঠকত৷ ৰাজ্যৰ মিত্ৰজোঁটৰ শাসন ভংগ হোৱাৰ এদিন পিছত বুধবাৰে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা হয়৷ বিজেপিয়ে হঠাৎ জম্মু-কাশ্মীৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে৷ তাৰ পিছতে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা হয়৷ শুকুৰবাৰে ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবৰ বাবে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলক আমন্ত্ৰণ জনায় ৰাজ্যপালে৷