newsnextone.com। ডিজিটেল ডেস্কঃ বলিউডৰ সুদক্ষ তথা সাৱলীল অভিনয়ৰ গৰাকী অভিনেতা ইৰফান খানৰ শুভাকাংক্ষী সকলৰ বাবে সুখবৰ৷ ‘‘ডুব-ন’বেড অৱ ৰৌজেজ’’ত তাৰকা ইৰফানে খানে অভিনয় কৰা এখন বাংলাদেশী ছবি৷ উল্লেখ্য যে ২০১৯ চনৰ অস্কাৰৰ বাবে ছবিখনক প্ৰেৰণ কৰা হয় বাংলাদেশৰ পৰা৷

লগতে শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে বাছনি কৰা হয় বুলি জানিব পৰা যায়৷ বলিউড জগতৰ তাৰকা ইৰফান খানৰ বিষয়ে সকলোৱে জ্ঞাত৷ পান-সিং-ত’মাৰ, লাঞ্চ বক্স, পিকু, হিন্দী মিডিয়ামৰ দৰে দেশী-বিদেশী ছবিত অভিনয় কৰি বিশ্ববিখ্যাত হৈ পৰা ইৰফান হৈ পৰে সকলোৰে মৰমৰ৷ অভিনয়েৰে দৰ্শকৰ মন জিনি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী বলিউড তাৰকাই যোৱা কেইবামাহধৰি নিউৰৌ ইণ্ড’ক্ৰাইন টিউমাৰ ৰোগত ভুগি আছে৷

বেমাৰৰ সৈতে যুঁজ দি থকা ইৰফানখানৰ শুভাকাংক্ষীসকলে সুস্থ হৈ অহা কামনা কৰাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পায়৷ উল্লেখ্য যে বাংগালেশত এই ছবিখনৰ বাবে বহু বিবাদৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বাবে বন্ধ কৰি দিয়া হৈছিল৷ দৰাচলতে উক্ত ছবিখন বাংলাদেশৰ এজন প্ৰতিভাৱান লেখক তথা চিনেমা নিৰ্মাতা হুমায়ু অহমদৰ জীৱনৰ আলমত লৈ নিৰ্মাণ কৰা হৈছিল৷

বিবাদৰ বাবে বন্ধ কৰি দিয়াৰ স্বতেও ছবিখনক পুনৰ মুকলি কৰি দিয়া হয়৷ তেখেতৰ চৰিত্ৰত ইৰফান খানে মুখ্য ভূমিকা পালন কৰিছিল৷ ইয়াৰ বাহিৰেও ছবিখনত তাৰকা পাৰ্নৌ মিত্ৰা, নুছৰত ইমৰৌজ তিশা আৰু বাংলাদেশী তাৰকা ৰুকেয়া প্ৰাচীক অন্য চৰিত্ৰৰ ভূমিকাত দেখা গৈছে৷ শেহতীয়াকৈ অস্কাৰ অবাৰ্ড সমাৰোহৰ ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত আয়োজন কৰা হ’ব বুলি জানিব পৰা যায়৷