newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰৰ পৰা অচল হৈ পৰিল দেশৰ বেংক সমূহ। দেশৰ বেংকৰ শাখা সমূহত হোৱা নাই কাম-কাজ৷ সমগ্ৰ দেশজুৰি ৬ লক্ষাধিক বেংক কৰ্মচাৰীয়ে দুদিনৰ বাবে বেংকৰ কাম কাজ স্থগিত ৰাখে৷ যাৰ ফলত গ্ৰহাকে হাহাকাৰ ককৰিব লগা হৈছে। বহু ঠাইত গ্ৰাহক বংকৰ শাখালৈ আহি উভতিব লগা হৈছে। গুৱাহাটী মহানগৰীতো বেংকৰ শাখা সমূহ বন্ধ থকা পৰিলক্ষিত হয়।
বেংকৰ কৰ্মচাৰীয়ে ২ শতাংশ দৰমহা বৃদ্ধি কৰিব ওলোৱা কাৰ্যৰ বিৰুদ্ধে ৩০ আৰু ৩১ মে’ত প্ৰতিবাদ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ বাবে ২০১৭ চনৰ পৰাই দাবী জনাই আহিছে যদিও চৰকাৰে মানি নোলোৱাত প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰে৷
বেংক কৰ্মচাৰী সন্থাৰ মতে, ইণ্ডিয়ান বেংক এচোছিয়েচনে মাত্ৰ ২ শতাংশ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছে৷ আইবিএ ৫ মে’ত এই প্ৰস্তাৱ আনিছিল৷ ২০১৭ চনৰ ৩১ মাৰ্চলৈ বিল কাষ্টত মাত্ৰ ২ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ আনে৷ ইয়াৰ বিৰুদ্ধে ব্যাপক বিৰোধ কৰে বেংক ইউনিয়ন সমূহে৷
১৪-১৫ শতাংশ দৰমহা বৃদ্ধি নকৰা পৰ্যন্ত কোনো কাৰণত এই প্ৰস্তাৱ মানি লোৱা নহ’ব বুলি কয়৷ আনহাতে বুধাবৰে দেশৰ বিভিন্ন প্ৰান্তৰ বেংক কৰ্মচাৰীসকলে দিল্লীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰিটতো প্ৰতিবাদ সাব্যস্ত কৰি ২ শতাংশ দৰমহা বৃদ্ধিৰ বিৰোধিতা কৰে৷
মোডী চৰকাৰৰ অহাৰ পৰা বেংক কৰ্মচাৰীসকলে জনধন যোজনা, নোটবন্দী, মুদ্ৰা যোজনা, নতুন পেঞ্চন নীতি আদিৰ বাবে দিনে নিশেই কাম কৰি আহিছে বুলি মন্তব্য কৰে৷ কিন্তু চৰকাৰে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে৷
ইফালে সমগ্ৰ দেশৰ লগতে অসমতো বুধবাৰে বেংকৰ কাম কাজ স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়৷ বেংক কৰ্মচাৰীসকলে দুদিনৰ বাবে বেংকৰ কাম কাজ স্থগিত ৰাখি ধৰ্মঘট কাৰ্যসূচী পালন কৰাত ৰাজ্যখনৰ সাধাৰণ জনতাই বেংকৰ যাৱতীয় কাম কাজ সম্পন্ন কৰাত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে৷