জাজৰিঃ একশৰণ ভাগৱতী সমাজ অসমৰ ভাৰপ্ৰাপ্ত আচাৰ্য বসন্ত কুমাৰ দাসৰ যোৱা নিশা ১১.৪৫ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ।
একশৰণ ভাগৱতী সমাজৰ ভাৰপ্ৰাপ্ত আচাৰ্য হিচাবে কাৰ্যভাৰ সম্পাদন কৰি থকা দাস আছিল সৰুৰে পৰাই গুৰুগম্ভীৰ ব্যক্তিত্বৰ অধিকাৰী ধৰ্মপ্ৰচাৰক।
এগৰাকী কৃতী শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰি গুৰুজনাৰ একশৰণ নাম ধৰ্ম প্ৰচাৰতে আত্মনিয়োগ কৰা দাসে ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য, বৈষ্ণৱ পণ্ডিত প্ৰয়াত ইলাৰাম দাসৰ অন্যতম প্ৰিয় সহযোগী আছিল।
দাসৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ পিছতে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গুণমুগ্ধসকলে তেওঁৰ জাজৰি হাতীচোংস্থিত বাসগৃহলৈ আহি শেষ শ্ৰদ্ধা নিবেদন কৰে।
মৃত্যুৰ সময়ত দাসে পত্নীসহ ২ পুত্র, বোৱাৰী, কেইবাটিও নাতি আৰু বহু শিষ্যক এৰি থৈ যায়। দাসৰ বিয়োগত ভাগৱতী সমাজৰ কেন্দ্ৰীয় ভকতসকল, পশ্চিম নগাঁও জিলা সত্র মহাসভা, জাজৰি প্ৰেছ ক্লাৱ, নগাঁও জিলা ছাত্র সন্থা আদি বহু দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।